টেক্সাছৰ চান এণ্টনিঅ’ত সোমবাৰে ট্ৰেক্টৰ-ট্ৰেইলাৰৰ ভিতৰত উদ্ধাৰ কৰা হ’ল ৪৬ জন মৃত প্ৰব্ৰজনকাৰীৰ মৃতদেহ ৷ মহানগৰৰ বিষয়াসকলে জনোৱা অনুসৰি আমেৰিকা-মেক্সিকো সীমান্তত ই মানৱ চোৰাং ব্যৱসায়ৰ এটা অতি মাৰাত্মক ঘটনা। জানিব পৰা মতে ট্ৰেইলাৰৰ ভিতৰত পোৱা ১৬ জন লোকক হিট ষ্ট্ৰোক আৰু অৱসাদৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল, যাৰ ভিতৰত চাৰিজন নাবালক ৷ অৱশ্যে মৃতসকলৰ ভিতৰত কোনো শিশু নাছিল ৷
ছান এণ্টনিঅ’ ফায়াৰ চীফ চাৰ্লছ হুডে এখন সংবাদ মেলত কয়, “আমি যিসকল ৰোগীক দেখিছিলো স্পৰ্শ কৰাৰ সময়ত তেওঁলোকৰ শৰীৰ গৰম হৈ আছিল, তেওঁলোক হিট ষ্ট্ৰোক, ক্লান্তিত ভুগি আছিল।” “এইটো এটা ৰেফ্ৰিজেৰেটেড ট্ৰেক্টৰ-ট্ৰেইলাৰ আছিল কিন্তু সেই ৰিগত কোনো দৃশ্যমান কাম কৰা এ/চি ইউনিট নাছিল।”
উল্লেখযোগ্য যে মেক্সিকো সীমান্তৰ পৰা প্ৰায় ১৬০ মাইল (২৫০ কিলোমিটাৰ) দূৰত্বত অৱস্থিত ছান এণ্টনিঅ’ৰ তাপমাত্ৰা সোমবাৰে উচ্চ আৰ্দ্ৰতাৰ সৈতে ১০৩ ডিগ্ৰী ফাৰেনহাইট (৩৯.৪ ডিগ্ৰী চেলচিয়াছ) লৈ বৃদ্ধি পাইছিল।
উক্ত ঘটনা সন্দৰ্ভত চহৰখনৰ আৰক্ষী প্ৰধান উইলিয়াম মেকমানুছে কৈছিল যে, ওচৰৰ এটা অট্টালিকাত কাম কৰা এজন ব্যক্তিয়ে সহায়ৰ বাবে কাৰোবাৰ কান্দোন শুনি অনুসন্ধান কৰিবলৈ ওলাই আহিছিল। ব্যক্তিজনে ট্ৰেইলাৰৰ দুৱাৰবোৰ আংশিকভাৱে খুলি ভিতৰলৈ চাই কেইবাটাও মৃতদেহ দেখা পাইছিল।লগতে তেওঁ কৈছিল যে এইটো চহৰখনত এনে ধৰণৰ আটাইতকৈ ডাঙৰ ঘটনা আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিজন লোক আৰক্ষীৰ জিম্মাত আছে যদিও ঘটনাটোৰ সৈতে তেওঁলোক জড়িত থকাটো এতিয়াও স্পষ্ট হোৱা নাই।
আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট (আইচিই)ৰ এজন মুখপাত্ৰই কৈছিল যে, উক্ত ঘটনা সন্দৰ্ভত ইয়াৰ হোমলেণ্ড চিকিউৰিটি ইনভেষ্টিগেচন ডিভিজনে স্থানীয় আৰক্ষীৰ সৈতে যুটীয়া ভাৱে “এটা মানৱ চোৰাং ব্যৱসায়ৰ ঘটনা” অনুসন্ধান কৰি আছে।
আমেৰিকা-মেক্সিকো সীমান্তত এনেধৰণৰ মৃত্যুৰ ঘটনাবোৰে প্ৰব্ৰজনকাৰী ক্ৰছিং নিয়ন্ত্ৰণ কৰাৰ প্ৰত্যাহ্বানক আকৌ এবাৰ আলোকপাত কৰে ৷ যি ইতিমধ্যে অভিলেখ উচ্চতাত উপনীত হৈছে।
মেক্সিকোৰ বৈদেশিক মন্ত্ৰী মাৰ্চেলো ইব্ৰাৰ্ডে ট্ৰাকত থকা প্ৰব্ৰজনকাৰীসকলৰ মৃত্যুক টুইটাৰত “টেক্সাছত সংঘটিত ট্ৰেজেডী” বুলি অভিহিত কৰে আৰু কয় যে কনচুলাৰ বিষয়াসকলে চিকিৎসালয়লৈ যাব য’ত ভুক্তভোগীসকলক “যিমান সম্ভৱ” সহায় কৰিবলৈ লৈ যোৱা হৈছিল।
আনহাতে ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰা আইচিইৰ অনুসন্ধানকাৰী গোটৰ এজন প্ৰাক্তন জ্যেষ্ঠ বিষয়া জেক ষ্টেটনৰ মতে,মেক্সিকো সীমান্তৰ পৰা চান এণ্টনিঅ’ৰ মাজেৰে যোৱা আই-৩৫ ঘাইপথত য’ত ট্ৰাকখন উদ্ধাৰ কৰা হৈছিল ই বৃহৎ সংখ্যক ট্ৰাক সৰবৰাহৰ এক জনপ্ৰিয় চোৰাং ক’ৰিডৰ।
উল্লেখযোগ্য যে জুলাই ২০১৭তো ৱাল-মাৰ্ট পাৰ্কিং লটত চান এণ্টনিঅ’ আৰক্ষীয়ে আৱিষ্কাৰ কৰা ট্ৰেক্টৰ-ট্ৰেইলাৰত পৰিবহন কৰাৰ পিছত ১০ জন প্ৰব্ৰজনকাৰীৰ মৃত্যু হৈছিল। জেমছ মেথিউ ব্ৰেডলী, জুনিয়ৰ নামৰ চালকজনক চোৰাং ব্যৱসায়ত তেওঁৰ ভূমিকাৰ বাবে পৰৱৰ্তী বছৰত আজীৱন কাৰাদণ্ড দিয়া হৈছিল।
ষ্টেটনে কৈছিল যে ২০১৭ চনৰ ঘটনাৰ পৰা প্ৰব্ৰজনকাৰীসকলক অঞ্চলটোত প্ৰবেশ কৰাৰ ক্ষেত্ৰত নিয়মীয়াকৈ বাধা দিয়া হৈছে। তেওঁ কয়, “এনেকুৱা এটা শোকাবহ দুৰ্ঘটনা পুনৰ সংঘটিত হোৱাটো সময়ৰ খেল ।”