তামিল ছলচ্চিত্ৰ জগতত আনন্দৰ বন্যা বোঁৱালে এটি খবৰে ৷ তামিল চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা সূৰ্য পৰিগণিত হৈছে অস্কাৰ সমিতিলৈ আমন্ত্ৰণ পোৱা প্ৰথমজন অভিনেতা হিচাপে । উল্লেখযোগ্য যে এইবাৰ সূৰ্যৰ সৈতে কাজলকে ধৰি মুঠ ৩৯৭ জন শিল্পীক ২০২২ৰ অস্কাৰ সমিতিলৈ আমন্ত্ৰণ জনোৱা হৈছে।
মঙলবাৰে ‘একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সে’ তামিল অভিনেতা সূৰ্যক মুঠ ৩৯৭জন শিল্পী সহিতে ২০২২ চনৰ অস্কাৰ সংগঠকৰ সদস্য সমিতিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়। তালিকাভূক্ত শিল্পী সকলৰ ভিতৰত সূৰ্য, কাজল আৰু ৰীমা কাগতিয়ে এই বছৰ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব। ই সঁচাকৈয়ে তামিল অভিনেতাজনৰ বাবে এক বৃহৎ সাফল্য।
উল্লেখনীয় যে আমাজন প্ৰাইম ভিডিঅ’ত মুকলি কৰা সূৰ্যৰ ‘জয় ভীম’ আৰু ‘ সূৰাৰাই পট্ৰু’ৱে ইতিমধ্যে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছে। যদিও তেওঁ অভিনীত বহুতো ব্লকবাষ্টাৰ চলচ্চিত্ৰ আছে তথাপি এই দুখন চলচ্চিত্ৰই দৰ্শকৰ অধিক সমাদৰ লাভ কৰিছে।
জানিব পৰা গৈছে ২০২২ চনৰ শ্ৰেণীত ৭১ জন অস্কাৰ মনোনীত আৰু ১৫ জন অস্কাৰ বিজয়ী থাকিব। অস্কাৰ সমিতিত যোগদান কৰা প্ৰথম তামিল অভিনেতা সূৰ্যৰ বাবে প্ৰকৃতাৰ্থত ই এক অভূতপূৰ্ব সন্মান।সূৰ্যৰ সৈতে জনপ্ৰিয় বলীউড অভিনেত্ৰী কাজল আৰু ৰীমা কাগতি হ’ব ২০২২ চনৰ শ্ৰেণীৰ অংশ।
উল্লেখযোগ্য যে এই বছৰৰ অস্কাৰ বিজয়ী আৰিয়ানা ডিবোজ, ট্ৰয় কোটচুৰ আৰু চিঅ’ডিএৰ লেখক-পৰিচালক চিয়ান হেডাৰকো পৰিচালক আৰু লেখক শাখালৈ আমন্ত্ৰণ জনোৱা হৈছে। আমন্ত্ৰণকাৰীসকলে সঞ্চালক আৰু লেখকসহ মুঠ ১৭ টা এ.এম.পি.এ.এছ. শাখাৰ ভিতৰত এটা শাখা বাছনি কৰিব লাগিব আৰু ইয়াৰ অংশ হ’ব লাগিব।