ইংৰাজী নাম :- Carambola
বৈজ্ঞানিক নাম :- Avermoea Carambola Linn
চিৰ সেউজীয়া প্ৰায় দহৰ পৰা বাৰ মিটাৰ ওখ হোৱা মধ্যমীয়া উদ্ভিদ। কৰ্দৈত স্পষ্টকৈ চাৰিৰ পৰা পাঁচটা সিৰ থকা এবিধ ৰসাল ফল। ফল পকিলে হালধীয়া হয়। কৰ্দৈ দুই প্ৰকাৰৰ থাকে। এবিধ খাবলৈ মিঠা আৰু আনবিধ খাবলৈ টেঙা। কৰ্দৈক বিভিন্ন ধৰণেৰে খাব পাৰি । কেঁচাই চকল চকলকৈ কাটি নিমখ -জলকীয়া সানি বৰ সোৱাদ লগাকৈ খোৱা হয়। কৰ্দৈৰ চাটনি বা কৰ্দৈৰে মাছ ৰান্ধিও খালেও বহুত জুতি লাগে । কৰ্দৈৰ জেলি বা আচাৰ ৰূটিৰ লগত খাবলৈ বৰ মজা । গৰমৰ দিনত কৰ্দৈৰ ৰস উলিয়াই চৰবত বনাই খালে পিয়াহ দূৰ হোৱাৰ লগতে যথেষ্ট উপকাৰী। খাবলৈ অতি জুতি লগা কৰ্দৈৰ আছে বহুতো উপকাৰী গুণ –
১) মিঠা কৰ্দৈৰ ৰস জণ্ডিচ ৰোগত উপকাৰী।
২) ডায়বেটিছ ৰোগীৰ বাবে কৰ্দৈ উপকাৰী।
৩) কৰ্দৈ খালে কলেষ্ট’ৰেল নোহোৱা হয়।
৪) উচ্চৰক্ত চাপ থকা ৰোগীয়ে কৰ্দৈ খাব লাগে।
৫) হৃদ ৰোগীৰ বাবে কৰ্দৈ উপকাৰী।
৬) কৰ্দৈৰ ৰস খালে টনিকৰ কাম কৰে।
৭) কৰ্দৈত ফাইবাৰ থকা বাবে পেটৰ বাবে উপকাৰী।কৰ্দৈৰ ৰসে পেট পৰিষ্কাৰ কৰে।
৮) কৰ্দৈত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ থাকে বাবে কৰ্দৈ খালে ছাল নিমজ হয়।