মঙলবাৰে অৰুণাচল প্ৰদেশ চৰকাৰে ‘ৰুচি ছয়া ইণ্ডাষ্ট্ৰিজ’ৰ সৈতে তেল পাম নিৰ্মাণৰ বাবে এক চুক্তি (MOU)স্বাক্ষৰ কৰে ৷ অৰুণাচল প্ৰদেশ চৰকাৰে মঙলবাৰে ‘ৰুচি ছয়া ইণ্ডাষ্ট্ৰিজ’ৰ সৈতে পূব চিয়াং জিলাৰ ‘নিগলোক ঔদ্যোগিক বিকাশ কেন্দ্ৰ’ত তেল পাম উৎপাদন আৰু প্ৰক্ৰিয়াকৰণ গোট স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি (MOU) স্বাক্ষৰ কৰে বুলি জানিব পৰা গৈছে । অৰুণাচল প্ৰদেশ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেড (এপিআইডিএফচিএল),ৰ পৰিচালন সঞ্চালক হেগে তাৰি আৰু ‘ৰুচি ছয়া ইণ্ডাষ্ট্ৰিজ’ৰ উত্তৰ-পূব অঞ্চলৰ মুৰব্বী সুভাষ ভট্টাচাৰ্যৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয় বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে,বুজাবুজি চুক্তি স্বাক্ষৰৰ লগে লগে ৰাজ্যখনৰ কৃষক আৰু অন্যান্য উদ্যোগীসকলো যথেষ্ট লাভান্বিত হ’ব ৷ কিয়নো ৰাজ্যখনত বৃহৎ সংখ্যক অব্যৱহৃত ভূমি বৃহৎ পৰিমাণৰ তেল পাম খেতিৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব ৷ আনহাতে তেল পাম নিৰ্মাণ গোটসমূহৰ বাবে এক সাজু কেঁচা মাল প্ৰস্তুতকৰ্তা ৰূপে পৰিগণিত হ’ব এই ভূমিসমূহ ৷
।
এ.পি.আই.ডি.এফ.চি.এল. নামৰ ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠানটো ১৯৫৬ চনৰ কোম্পানী আইনৰ অধীনত ৯ আগষ্ট, ১৯৭৮ ত প্ৰতিষ্ঠা কৰা হৈছিল।ইয়াৰ মুঠ ৫১.০৭ শতাংশ ইকুইটি অংশ এপিআইডিএফচিএলৰ হাতত আৰু ৪৮.৯৩ শতাংশ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ হাতত আছে। উদ্যোগসমূহৰ প্ৰচাৰৰ বাবে আৰু ৰাজ্যখনৰ জনজাতীয় জনসংখ্যাৰ বাবে উদ্যোগ, ঔদ্যোগিকৰণ আৰু নিযুক্তি সৃষ্টিৰ বিকাশৰ বাবে অনুঘটক হিচাপে কাম কৰাৰ বাবে নিগমটো শীৰ্ষ ঔদ্যোগিক বিকাশ আৰু বিত্তীয় প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।