পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে বিজেপি নেত্ৰী নূপূৰ শর্মাই কৰা অশোভনীয় মন্তব্যক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ পয়গম্বৰক লৈ তেওঁ কৰা অশোভনীয় মন্তব্যক লৈ এইবাৰ বিজেপি নেত্ৰী গৰাকীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে উচ্চতম ন্যায়ালয় ৷ এই সন্দর্ভত ৰুজু কৰা এটা গোচৰৰ শুনানিৰ সময়ত তেওঁক এই বিৰূপ মন্তব্যৰ বাবে দোষাৰোপ কৰি কয় যে “ নূপূৰ শর্মাই সমগ্ৰ দেশৰ ওচৰত ক্ষমা খুজিব লাগে”।বিচাৰপীঠে কয় “তেওঁ যিদৰে সমগ্ৰ দেশতে উত্তেজনাৰ সৃষ্টি কৰিছে ৷ দেশত যি ঘটি আছে তাৰ বাবে একমাত্ৰ এই মহিলাগৰাকী দায়ী।“
উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে টিভি শ্ব’ত কৰা নূপূৰ শৰ্মাৰ আপত্তিজনক মন্তব্যই ভাৰতত ব্যাপক প্ৰতিবাদৰ সৃষ্টি কৰিছিল ৷ আনকি কেইবাখনো দেশে ভাৰতীয় কূটনীতিবিদক মাতি কঠোৰ ধমক দিছিল ৷
আজি গোচৰটোৰ শুনানিৰ সময়ত ন্যায়াধীশ সূৰ্য্য কান্তে কয় যে, ” তেওঁ কিদৰে উচটনি আছিল সেয়া আমি বিতৰ্কত প্ৰত্যক্ষ কৰিছিলো ৷ কিন্তু তেওঁ এই সকলোবোৰ কোৱাৰ পাছত নিজকে এগৰাকী অধিবক্তা বুলি প্ৰকাশ কৰাটো অত্যন্ত লজ্জাজনক। তেওঁ সমগ্ৰ দেশৰ ওচৰত ক্ষমা খুজিব লাগে।” নূপূৰ শৰ্মাই দেশজুৰি তেওঁৰ বিৰুদ্ধে দাখিল কৰা একাধিক এজাহাৰ দিল্লীলৈ হস্তান্তৰ কৰিবলৈ আদালতক অনুৰোধ জনাইছিল। ন্যায়াধীশ গৰাকীয়ে কয় –“যেতিয়া আপুনি আনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে তেতিয়া তেওঁলোকক তৎক্ষণাত গ্ৰেপ্তাৰ কৰা হয় ৷ কিন্তু আপোনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে কোনেও আপোনাক স্পৰ্শ কৰাৰ সাহস কৰা নাই।’
উচ্চতম ন্যায়ালয়ে কয় -“তেওঁ এটা দলৰ মুখপাত্ৰ তাক লৈ কি হ’ব ৷ তেওঁ ভাবে যে তেওঁৰ হাতত ক্ষমতা আছে আৰু দেশৰ আইনক সন্মান নকৰাকৈ যিকোনো বক্তব্য দিব পাৰে?” নূপূৰ শর্মাৰ অধিবক্তাই উত্তৰ দিয়ে যে তেওঁ কেৱল টিভিৰ বিতৰ্কৰ সময়ত এংকৰে কৰা এটা প্ৰশ্নৰহে উত্তৰ দিছিল। আদালতে কয় যে তেনেহ’লে আয়োজকৰ বিৰুদ্ধে গোচৰ ৰুজু হ’ব লাগিছিল।