ক’ভিডৰ সময়ছোৱাত ৰাজ্যত পি পি ই কীট যোগানত হোৱা অনিয়মক লৈ সংবাদমেলযোগে বিভিন্ন অভিযোগ উত্থাপন কৰা দিল্লীৰ মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা ৷ কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ছিছোডিয়াৰ বিৰুদ্ধে ফৌজদাৰী মানহানিৰ গোচৰ তৰিছে ডঃ শর্মাই ৷ ভাৰতীয় দণ্ডবিধিৰ ৪৯৯/৫০০/ ৫০১ ধাৰাৰ অধীনত ৰুজু কৰা হৈছে এই গোচৰটো ৷ শেহতীয়াকৈ গোচৰটোৰ শুনানি গ্ৰহণ কৰি আদালতে মণীষ ছিছোডিয়ালৈ জাননী জাৰি কৰাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাক নিজৰ বক্তব্য ৰাখিবলৈ অহা ২২ জুলাই দিন নির্ধাৰণ কৰিছে ৷ উল্লেখ্য যে যোৱা ৪ জুনত এখন সংবাদমেলত মণীষ ছিছোডিয়াই প্ৰকাশ কৰিছিল যে স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ সময়ছোৱাত ডঃ শর্মাই পত্নী ৰিণিকি ভূঞা শর্মাক অবৈধভাৱে পি পি ই কীট যোগানৰ ঠিকা প্ৰদান কৰিছিল ৷ ৰিণিকি ভূঞা শর্মাৰ মালিকানাধীন জেচিবি ইণ্ড্ৰাষ্ট্ৰিক এই ঠিকা প্ৰদান কৰাৰ অভিযোগ উথাপন হৈছিল ৷ অৱশ্যে ৰিণিকি ভুঞা শর্মাই এই অভিযোগ খণ্ডন কৰি আহিছে ৷