গলব্লাডাৰ যকৃতৰ এক সৰু অংগ। যকৃত উৎপন্ন কৰা বাইল পিত্তনলী গলব্লাডাৰে জমা কৰি ৰাখে। পিত্তনলী হালধীয়া , সেউজীয়া মিশ্ৰিত জুলীয়া পদাৰ্থ । আৰু এই জুলীয়া পদাৰ্থ বিধ পানী , কলেষ্টেৰল , চৰ্বি , প্ৰ’টিন আৰু বিলিৰুবিনেৰে গঠিত। বিলিৰুবিন সেউজীয়া ৰঙৰ কিচটিক নলীকা এডালেৰে গলব্লাডাৰক ক্ষুদ্ৰান্ত্ৰৰ লগত সংযোগ কৰে। আমি খোৱা খাদ্যবোৰ যেতিয়া ক্ষুদ্ৰান্তত পৰেগৈ তেতিয়া গলব্লাডাৰে জমা ৰখা পিত্তপানী এৰি দিয়ে আৰু এই পিত্ত পানীয়ে আমাৰ আহাৰত থকা চৰ্বি হজম কৰাত সহায় কৰে। আমাৰ খাদ্যত থকা চৰ্বি হজম কৰাত বিশেষভাৱে সহায় কৰে গলব্লাডাৰত জমা ৰখা পিত্ত পানীয়ে।গ’ল ব্লাডাৰৰ প্ৰধান ৰোগ হ’ল ষ্টোন বা পাথৰ। গলব্লাডাৰক সুস্থ ভাৱে ৰাখিবলৈ হলে-
১) নিয়মিত ভাৱে ঠাণ্ডাপানী যথেষ্ট পৰিমাণে খাব লাগে। সদায় অন্ততঃ ৩ লিটাৰকৈ পানী খাব লাগে।
২) পাতে গজাৰ ৪/৫ খন কেঁচা পাত ধুই চোবাই খোৱা ভাল। পাতে গজাই পাথৰ ভাঙিব পাৰে।
৩) গোমধানৰ বীজ ২৫ গ্ৰাম খুন্দি ২ গিলাচ পানীত সিজাই পানীখিনি আধা হ’লে ঠাণ্ডা কৰি ২ বাৰকৈ আহাৰ খোৱাৰ পিছত খাব লাগে। একনেদৰে ৮/১০ দিন খালে উপকাৰ পোৱা যায়।
৪) তিঁয়হ উপকাৰী। সদায় এটাকৈ তিঁয়হ খাব লাগে।
৫) চৰ্বি জাতীয় খাদ্য বিশেষকৈ মাংস খাব নালাগে। অধিক মচলা যুক্ত খাদ্য খোৱা ভাল নহয়।
৬) কলেষ্টেৰল যুক্ত খাদ্য খোৱা উচিত নহয়। বিশেষকৈ বয়স বাঢ়ি অহাৰ লগে লগে এনে খাদ্য খাব নালাগে।
৭) নিচাযুক্ত বস্তু আৰু ধূমপান অপকাৰী।