ভাৰত-পাকিস্তানৰ সেনাৰ প্ৰচেষ্টাৰ বাবেই পৰিয়ালৰ পৰা বিচিন্ন হোৱা এটি শিশু পুনৰ পিতৃ-মাতৃৰ ওচৰলৈ উভতি যাবলৈ সক্ষম হয় ৷ পাকিস্তানৰ শিশুটি পৰিয়ালৰ পৰা বিচিন্ন হৈ আহি আন্তঃৰাষ্ট্ৰীয় সীমান্তত উপস্থিত হৈছিল ৷ পিতৃক বিচাৰি কান্দোনত ভাগি পৰা শিশুটিক সীমান্ত সুৰক্ষা বাহিনীৰ সৈন্যই উদ্ধাৰ কৰে ৷শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ৰাজ্যৰ ফিৰোজপুৰ ছেক্টৰত সীমান্ত সুৰক্ষা বাহিনীৰ সৈন্যই আই বিৰ বেৰৰ কাষত কান্দি কান্দি থিয় হৈ থকা শিশুক লক্ষ্য কৰে। ইয়াৰ পাছতে পিছত বি এছ এফৰ ফিল্ড কমাণ্ডাৰে পাকিস্তানী ৰেঞ্জাৰছৰ সৈতে তাৎক্ষণিক ফ্লেগ মিটিং অনুষ্ঠিত কৰে ৷ য’ত শিশুটিৰ পৰিয়ালৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰা হয় ৷ শিশুটিক অতি সোনকালেই পিতৃৰ উপস্থিতিত ৰেঞ্জাৰছৰ হাতত অৰ্পণ কৰা হয় বুলি বিষয়াসকলে জনায়।