যুটীয়া প্ৰৱেশ পৰীক্ষা চমুকৈ জে ই ইৰ মূল পৰীক্ষাত উর্ত্তীর্ণ হ’বলৈ আৰু আই আই টি নামভর্ত্তিৰ বাবে প্ৰয়োজনীয় নূন্যতম নম্বৰ চলিত বর্ষত অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা হৈছে ৷ বিশেষজ্ঞসকলৰ মতে এইবাৰ কাট অফ নম্বৰে ৯০ শতাংশৰ ঘৰ স্পৰ্শ কৰিব পাৰে।শেহতীয়াকৈ সমাপ্ত হোৱা জে ই ই মূল পৰীক্ষাত কৌশলী প্ৰশ্ন আৰু দীঘলীয়া গণনাৰ সৈতে গণিতৰ প্ৰশ্নই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰৱেশ পৰীক্ষা অধিক কঠিন কৰি তোলে ৷ যাৰ বাবে এই পৰীক্ষাত গণিত এটা নিৰ্ণায়ক কাৰক হ’ব পাৰে।
নয়ডাৰ বিশেষজ্ঞ ৰমেশ বাটলিছে কয়-“ছাত্ৰ-ছাত্ৰীসকলে ৩০০ নম্বৰৰ ভিতৰত ২৬৫ নম্বৰৰ ওপৰত থাকিলে শীৰ্ষ ১০০ৰ ভিতৰত ৰেংক লাভ কৰাৰ আশা কৰিব পাৰে ৷ ৩০০ নম্বৰৰ ভিতৰত ১৯৫ নম্বৰৰ ওপৰত হ’লে শীৰ্ষ ৫০০০ত স্থান লাভ কৰাৰ আশা কৰিব পাৰে। সেইদৰে ছাত্ৰ-ছাত্ৰীসকলে ৯০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হ’লে জেইই এডভান্সড ২০২২ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ আশা কৰিব পাৰে।“ তেওঁ আৰু কয় যে জে ই ই মূল পৰীক্ষাত জুন অধিবেশনৰ পৰীক্ষাসমূহ মধ্যমীয়া স্তৰৰ আছিল ৷ গণিতৰ যোৱা বছৰৰ তুলনাত কঠিন আছিল যদিও পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান যোৱা বছৰৰ সৈতে একেই আছিল ৷
২০২১ চনত সাধাৰণ (বা অসংৰক্ষিত) শ্ৰেণীৰ বাবে জে ই ই মূল পৰীক্ষাৰ কাট-অফ নম্বৰ আছিল ৮৭.৮৯ শতাংশ ৷ যিটো ২০২০ চনৰ ৯০.৩৭ৰ তুলনাত কম ৷ এই বছৰ জে ই ই মূল পৰীক্ষাত মাত্ৰ দুখন অধিবেশন অনুষ্ঠিত হ’ব। ২১ জুলাইৰ পৰা ৩০ জুলাইলৈ অনুষ্ঠিত হ’ব জে ই ই মূল পৰীক্ষাৰ দ্বিতীয় অধিবেশন ।