খৰিকাজাই চিৰ সেউজীয়া জোপোহা জাতীয় গছ।
ইংৰাজী নাম ঃ Downy Lasmine
বৈজ্ঞানিক নাম ঃ Lesminum Pubesecns Wild
ফুলৰ প্ৰেমিক সকলৰ খৰিকাজাঁই বুলিলে মনতো ৰাইজাই কৰে। কত গীতত খৰিকাজাঁই প্ৰাণ পাই উঠিল। ক’তো কবিৰ কবিতাত খৰিকাজাঁই ফুলি উঠিল তাৰ কোনো হিচাপ নাই । মুঠতে খৰিকাজাঁই বুলিলে আমাৰ মনত ৰঙৰ ফাকু খেলে। সুগন্ধিযুক্ত অপৰূপা খৰিকাজাঁই মাথো ফুল হিচাপে পৰিচিত নহয় ঔষধি গুণেৰেও জনাজাত। জানো আহকচোন-
১) খৰিকাজাঁইৰ শিপাৰ ৰসে বিষাক্ত সাপৰ দংশনত হোৱা বিষ উপশম কৰে।
২) খৰিকাজাঁইৰ শিপাৰ ৰসে মাতৃ স্তনত দুগ্ধ বৃদ্ধি কৰিব পাৰে।
৩) চকুৰ ৰোগ খৰিকাজাঁই ফুলৰ ৰসে দূৰ কৰিব পাৰে।
৪) খৰিকাজাঁই ফুলৰ ৰসে ঘাঁ সহজে শুকোৱাত সহায় কৰে।
৫) বসন্ত ৰোগত খৰিকাজাঁই ফুলৰ ৰস উপকাৰী।
৬) খৰিকাজাঁই ফুলৰ সুগন্ধিয়ে দুষিত বায়ু শোধন কৰে।
৭) খৰিকাজাঁই ফুলৰ সুগন্ধিয়ে মন প্ৰফুল্লিত কৰি ৰাখিব পাৰে।
৮) খৰিকাজাঁই ফুলৰ ৰস সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰা হয়।