আজি কবি যতীন্দ্ৰনাথ দুৱৰাৰ স্মৃতি দিৱস । তেওঁক ‘বনফুলৰ কবি’ বুলি কোৱা হয় । তেওঁ আছিল প্ৰেমৰ কবি । পাৰস্যৰ বিখ্যাত কবি ওমৰ খায়ামৰ ‘ৰুবায়েত’ৰ তেওঁ কৰা ভাবানুবাদ ‘ওমৰতীৰ্থ’ তেওঁৰ অন্যতম কৃতি । তেওঁৰ গীতি-কবিতাৰ সংকলন ‘বনফুল’ৰ বাবে তেওঁ ১৯৫৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । তেওঁ আছিল সাহিত্য অকাডেমি বঁটা প্ৰাপক প্ৰথমগৰাকী অসমীয়া সাহিত্যিক । আপোন সুৰ, মিলনৰ সুৰ, মৰমৰ সুৰ আদি তেওঁৰ কবিতা পুথি । তেওঁ ৰুছ সাহিত্যিক টুৰ্গেনিভৰ ‘পোৱেমছ ইন প্ৰোজ’ৰ অসমীয়া অনুবাদ কৰিছিল ‘কথা কবিতা’ নামেৰে । ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৬৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভূঞাৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে বুৰঞ্জীবিদ, শিক্ষাবিদ, সমাজ সংগঠক আৰু সাহিত্যিক । তেওঁ বুৰঞ্জী বিষয়ক বহুতো গ্ৰন্থ লিখাৰ উপৰি গল্প, প্ৰবন্ধ, জীৱনী আদি লিখিও অসমীয়া সাহিত্যৰ ভঁৰাললৈ অৱদান আগবঢ়াই থৈ গৈছে । ১৯১৮ চনত তেওঁৰ নিৰ্মালি নামৰ কাব্য সংকলন প্ৰকাশ পায় । ১৯২০ চনত বৈষ্ণৱ কাব্যৰ আৰ্হিত লিখা জয়মতী উপাখ্যান প্ৰকাশ কৰে । পুৰণি অসম বুৰঞ্জী, অসমীয়া ছনেট কবিতা, সাহিত্যৰ মূল কথা, Early British Relation with Assam আদি তেওঁৰ উল্লেখযোগ্য কৃতি । তেওঁ ভানুনন্দন ছদ্মনামেৰেও লিখা-মেলা কৰিছিল । শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যও হৈছিল । তেওঁ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ অন্যতম প্ৰতিষ্ঠাপক আছিল । ১৯৫৩ চনত শ্বিলঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৫২-৫৩ চনত তেওঁ ৰাজ্যসভালৈও নিৰ্বাচিত হৈছিল । ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰে । ব্ৰিটিছ চৰকাৰে তেওঁক ৰায়বাহাদুৰ খিতাপ প্ৰদান কৰিছিল । ১৯৬৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । বুৰঞ্জীবিদগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি প্ৰসিদ্ধ গীতিকাৰ তফজ্জুল আলীৰ স্মৃতি দিৱস । তেওঁ আকাশবাণীৰ এগৰাকী স্বীকৃত গীতিকাৰ আছিল । তেওঁ একাধিক অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাও কৰিছিল । গুৱাহাটী কমাৰ্চ কলেজৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা তফজ্জুল আলী আছিল বহুদিন বকুলৰ গোন্ধ পোৱা নাই, চকুৰ ভাষা বুজি পালে মনৰ কথা কিয়নো লাগে, চম্পাৱতী তোমাৰ ঘাটত চপালোঁ মোৰ নাও, মধুমালতী টোপনি যোৱা আদি জনপ্ৰিয় গীতৰ স্ৰষ্টা । মন্দাক্ৰান্তা, অনুষ্টুপ, সোণালী চৰাই আদি তেওঁৰ গীতৰ পুথি । তেওঁ পুতলাঘৰ, সোণৰ হৰিণ, অনল আৰু মৃত্যুহীন জীৱন চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল । তেওঁ ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত সংগম নামৰ অসমীয়া ভাষাৰ প্ৰথমখন মাহেকীয়া ডাইজেষ্ট আলোচনীৰো সম্পাদনা কৰিছিল । নেপাতি কেনেকৈ থাকোঁ, বাসন্তীৰ বিয়া আদি তেওঁ ৰচিত নাটক । তেওঁ আছিল অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক । ১৯৯৫ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটাৰে সন্মানিত কৰে । ২০০৯ চনত তেওঁ পদ্মশ্ৰী সন্মান লাভ কৰে । ২০০৮ বৰ্ষৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী গীতিকাৰলৈ আমাৰ প্ৰণাম ।