উইম্বলডনত অনুষ্ঠিত মিক্স ডাবলছ ইভেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ ছানিয়া মিৰ্জা আৰু ক্ৰ’ৱেচিয়াৰ মেট পাভিচৰ যুটীয়ে ৷ গেব্ৰিয়েলা ডাব্ৰ’স্কি আৰু জন পিয়াৰ্ছৰ যুটিক অতিক্ৰম কৰি ভাৰতৰ ছানিয়া মিৰ্জা আৰু ক্ৰ’ৱেচিয়াৰ মেট পাভিচ যুটীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰে। ষষ্ঠ স্থানত থকা ভাৰত-ক্ৰ’ৱেচিয়ান জুটীয়ে ক’ৰ্ট ৩ত অনুষ্ঠিত মেচখনত ৬-৪, ৩-৬, ৭-৫ গ’লত জয়লাভ কৰে ৷ কেৰিয়াৰৰ শেষৰখন উইম্বলডনত অংশগ্ৰহণ কৰা ছানিয়াৰ আক্ৰমণাত্মক শ্বটে প্ৰতিদ্বন্দীক সংকটত পেলোৱা পৰিলক্ষিত হয় ৷
এতিয়া ছানিয়া আৰু পাভিচ যুটীয়ে ডেচিৰা ক্ৰাউচিক-নীল স্কুপস্কি আৰু প্ৰতিযোগিতাখনৰ সপ্তম স্থানত থকা জেলেনা অষ্টাপেংকো-ৰবাৰ্ট ফাৰাহৰ মাজত অনুষ্ঠিত হ’বলগীয়া আনখন কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দলৰ বিৰুদ্ধে খেলিব।
মহিলা ডাবলছ ড্ৰ’তো ছানিয়াই অংশ লৈছিল যদিও প্ৰথম ৰাউণ্ডত তেওঁ আৰু চেক সংগী লুচি হ্ৰাডেকাক মেগডেলেনা ফ্ৰেচ আৰু বিট্ৰিজ হাড্ডাড মাইয়াৰ যুটীয়ে হাতত ৬-৪, ৪-৬, ২-৬ গ’লত পৰাজিত কৰে ৷
ইয়াৰ পূৰ্বে দ্বিতীয় ৰাউণ্ডৰ প্ৰতিদ্বন্দ্বী ইভান ডডিগ আৰু লাতিছা চানে ৱাক অভাৰ দিয়াৰ পিছত ছানিয়া আৰু পাভিচে মিক্স ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।প্ৰথম ৰাউণ্ডত ছানিয়া আৰু পাভিচে স্পেইনৰ ডেভিড ভেগা হাৰ্নাণ্ডেজ আৰু জৰ্জিয়াৰ নাটেলা জালামিড্জেক ৬-৪, ৩-৬, ৭-৬ (৩) গ’লত পৰাস্ত কৰিছিল। ইতিমধ্যে এই ছিজনৰ শেষত ছানিয়াই অৱসৰৰ কথা ঘোষণা কৰিছে।