ক’ভিডৰ পাছত বিভিন্ন ভ্ৰমণ কেন্দ্ৰিক নিয়ম নীতি শিথিল কৰাৰ পাছত হজযাত্ৰাৰ বাবে মক্কাত ভিৰ কৰিছে অসংখ্য লোকে ৷ ২০১৯ চনৰ পিছত প্ৰথমবাৰলৈ এইবাৰ আন্তঃৰাষ্ট্ৰীয় দৰ্শনাৰ্থী মক্কা দর্শনৰ অনুমতি প্ৰদান কৰা হৈছে ৷ আনহাতে সশস্ত্ৰ নিৰাপত্তা বাহিনীয়ে হজৰত মহম্মদৰ জন্মস্থান প্ৰাচীন চহৰখনত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷
বিদেশৰ পৰা অহা ৮ লাখ ৫০ হাজাৰ লোককে ধৰি ১০ লাখ লোকক এইবাৰৰ হজত অনুমতি দিয়া হৈছে ৷ কৰ্তৃপক্ষই জনোৱা মতে, এতিয়ালৈকে কমেও ৬ লাখ ৫০ হাজাৰ বহিঃৰাজ্যৰ তীৰ্থযাত্ৰী চৌদি আৰৱত উপস্থিত হৈছে। ২০১৯ চনত প্ৰায় ২৫ লাখ লোকে হজত অংশগ্ৰহণ কৰিছিল ৷ ২০২০ বর্ষৰ পৰা বিদেশী হজযাত্ৰী নিষিদ্ধ কৰা হয় ৷ মাত্ৰ ১০ হাজাৰ স্থানীয় দর্শনার্থীক হজৰ অনুমতি দিয়া হয় ৷
৬৫ বছৰৰ তলৰ ১০ লাখ টিকাকৰণ কৰা দর্শনার্থীয়ে হজত অংশগ্ৰহণ কৰিব ৷ চৰকাৰী হিচাপত ২০১৫ চনত হোৱা ভিৰৰ বাবে পদপিষ্ট হৈ ২৩০০ লোকৰ মৃত্যু হৈছিল ৷ তদুপৰি ১৯৭৯ চনত বন্দুকধাৰীৰ আক্ৰমণত ১৫৩ জন লোকৰ মৃত্যু হৈছিল ৷