আজি আৰক্ষীয়ে জি টিভিৰ নিউজ এংকৰ ৰোহিত ৰঞ্জনক দিল্লীৰ তেওঁৰ নিজা বাসগৃহৰ পৰা আটক কৰে ৷ টিভি চেনেলটোৱে ৰাহুল গান্ধীৰ এটা বিভ্ৰান্তিকৰ ভিডিঅ’ পৰিবেশন কৰিছিল যাৰ বাবে আটক কৰা হ’ল এংকৰ গৰাকীক ৷ অৱশ্যে এই সন্দৰ্ভত ক্ষমা বিচাৰিছে চেনেলটোৱে।
আজি পুৱা এক নাটকীয় ভিডিঅ’ত দুখন ৰাজ্য – কংগ্ৰেছ শাসিত ছত্তীশগড় আৰু বিজেপি শাসিত উত্তৰ প্ৰদেশৰ আৰক্ষীসকলক এংকৰৰ জিম্মাৰ বাবে যুঁজ কৰা দেখা গৈছে।উল্লেখযোগ্য যে ছত্তীশগড় আৰক্ষীয়ে এংকৰজনক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়তে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰক্ষীয়ে ছত্তীশগড় আৰক্ষীক বাধা দি তেওঁক লৈ গৈছিল। কিয়নো ৰোহিত ৰঞ্জনে উত্তৰ প্ৰদেশ আৰক্ষীক এটা এছ.ও.এছ. টুইট কৰিছিল যেতিয়া ছত্তীশগড়ৰ দলটো পুৱা প্ৰায় ৫.৩০ বজাত তেওঁৰ ঘৰত উপস্থিত হৈছিল। তেওঁ অভিযোগ কৰিছিল যে ছত্তীশগড় আৰক্ষীয়ে স্থানীয় আৰক্ষীক অৱগত নকৰাকৈ তেওঁক জিম্মাত ল’বলৈ আহিছিল।
অভিযোগটোৰ বিপক্ষে ছত্তীশগড় আৰক্ষীয়ে উত্তৰ দিছিল যে যেতিয়ালৈকে ৱাৰেণ্ট আছিল তেতিয়ালৈকে কাকো জনোৱাৰ প্ৰয়োজন নাই।
গাজিয়াবাদ আৰক্ষীয়ে সাংবাদিকজনক এক অজ্ঞাত স্থানলৈ লৈ যায়, যাৰ ফলত ছত্তীশগড় দলৰ দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰাত বাধাৰ সৃষ্টি হয়। তেওঁ বৰ্তমান উত্তৰ প্ৰদেশ আৰক্ষীৰ জিম্মাত আছে ৷ অৱশ্যে তুলনামূলকভাৱে বাতৰি পৰিবেশক গৰাকী জামিনযোগ্য অভিযোগৰ সন্মুখীন হৈছে।
ৰোহিত ৰঞ্জনে তেওঁৰ এক অনুষ্ঠানত কেৰালাৰ ৱায়ানাডত তেওঁৰ কাৰ্যালয়ত হোৱা আক্ৰমণৰ ওপৰত ৰাহুল গান্ধীৰ বিবৃতি প্ৰদৰ্শন কৰাৰ পিছতে কংগ্ৰেছ শাসিত ৰাজ্য ৰাজস্থান আৰু ছত্তীশগড়ত গোচৰ ৰুজু কৰা হৈছিল ।
উক্ত চেনেলটোৱে ইয়াৰ বাবে ক্ষমা বিচাৰিছিল আৰু শ্ৰীযুত ৰঞ্জনে তেওঁৰ অনুষ্ঠানত কৈছিল, “কালি, আমাৰ শ্ব’ ডিএনএত, ৰাহুল গান্ধীৰ বক্তব্যক উদয়পুৰৰ ঘটনাৰ সৈতে সংযুক্ত কৰি ভুল প্ৰসংগত লোৱা হৈছিল, এইটো এটা মানৱীয় ত্ৰুটি আছিল যাৰ বাবে আমাৰ দলে ক্ষমা বিচাৰে।”
কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে ৱায়ানাড কাৰ্যালয়ত হোৱা আক্ৰমণৰ কথা উল্লেখ কৰি কৈছিল, “যিসকল শিশুৱে এনে কৰিছিল তেওঁলোকে দায়িত্বহীন ভাৱে কাম কৰিছে। তেওঁলোক শিশু, তেওঁলোকক ক্ষমা কৰক।”
ইফালে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয়, “কিন্তু টিভি চেনেল আৰু এংকৰে যিধৰণে ভিডিঅ’টো চলাইছিল, তাৰ ফলত এনে লাগিছিল যেন ৰাহুল গান্ধীয়ে কৈছিল যিসকলে উদয়পুৰত কানহাইয়া লালক হত্যা কৰিছিল তেওঁলোক শিশু আছিল আৰু তেওঁলোকক ক্ষমা কৰা উচিত।”
ৰাহুল গান্ধীয়ে স্পষ্টতঃ বিভ্ৰান্তিকৰ ভিডিঅ’টোৰ কথা উল্লেখ কৰি ইতিমধ্যে এনেকৈ টুইট কৰিছে যে , “সমগ্ৰ দেশে বিজেপি-আৰ এছ এছৰ ইতিহাস জানে; তেওঁলোকে দেশখনক ঘৃণাৰ জুইলৈ ঠেলি দিছে। এই বিশ্বাসঘাতকসকলে দেশ ভাঙিবলৈ যিমানেই চেষ্টা নকৰক, কংগ্ৰেছে ভাৰতক একত্ৰিত কৰিবলৈ আৰু অধিক কাম কৰি যাব।”