পদুম ফুল বুলিলেই আমাৰ চকুত ভাঁহি আহে ডাঙৰ ডাঙৰ পাতেৰে সৈতে এপাহ ধুনীয়া ফুল। পদুম ফুল বিলত হয় আৰু ৰাষ্ট্ৰীয় ফুল হিচাপে স্বীকৃত। বগা ,গুলপীয়া , নীলা আদি বিভিন্ন ৰঙৰ ফুলপাহ আমাৰ সকলোৰে মৰমৰ। মহাকাব্য ৰামায়ণতো নীলপদ্মৰ উল্লেখ আছে। বিভিন্ন পূজা- পাৰ্বণত পদুম ফুলৰ ব্যৱহাৰ হোৱাৰ উপৰিও ঔষধি গুণেৰে ভৰপূৰ পদুমফুল।
পদুমফুলৰ গুটি যাক আমি চাক বুলি কওঁ , খাবলৈ সোৱাদময় হোৱাৰ উপৰিও আছে বহুত উপকাৰ।
পদুম ফুলৰ পাত ডাঙৰ আৰু বন্ধাকবিৰ পাতৰ দৰে।পাতৰ কাম কেইবা খণ্ডৰ বিভক্ত অৰ্থাৎ ঢৌ খেলোৱা।পাতবিলাক বোৰ সুন্দৰকৈ সজোৱা থাকে। পদুমফুলৰ পাতবোৰো ঔষধি গুণেৰে ভৰপূৰ-
পদুমফুলৰ পাত ঔষধ হিচাপে ব্যৱহাৰ হয় যদিও গোটেই গছ জোপাই ঔষধত ব্যৱহাৰ হয়।
১) পদুম ফুলৰ ৰস চকু জ্বলন-পোৰণত উপকাৰী।
২) ব্লাডাৰ অসুবিধা , বহুমূত্ৰ , প্ৰস্ৰাৱত ৰক্ত পৰিলে , গ্ৰহণী আৰু ৰক্তহীনতা ৰোগৰ বাবে পদুমৰ পাত উপকাৰী।
৩) পদুমৰ পাতে প্ৰস্ৰাৱ কৰোৱাত সহায় কৰে।
৪) কেঁচুমুৰীয়া , টিউমাৰ ফোঁহা আৰু পুৰণি ছালৰ ৰোগ পদুম পাতৰ ৰসে দূৰ কৰিব পাৰে।
৫) পদুম পাতৰ ৰসে বেমাৰৰ বীজাণু নাশ কৰে।
৬) পদুম পাতৰ শুকান গুড়া মৌৰ লগত খালে যৌন সম্পৰ্কীয় ৰোগ দূৰ হয়।
৭) পূৰঠ পদুম ফুলৰ চকাৰ গুটি শুকুৱাই পিহি পিল কৰি তিনিটাকৈ একেৰাহে ৭/৮ দিন খালে অৰ্শ ৰোগ ভাল হয়।
৮) এবাৰ গৰ্ভপাত হোৱা গৰ্ভৱতীয়ে গৰ্ভাৱস্থাত এসপ্তাহ নিয়মীয়াকৈ পদুমৰ চকা ৰান্ধি বা গুটি খালে পুনৰ গৰ্ভপাত হোৱাৰ সম্ভাৱনা নাথাকে।
৯) পদুম ফুলৰ ৰস , ফুলৰ নলীকাৰ ৰস মিহলি কৰি দিনে পাঁচ চামুচকৈ খালে হৃদয় শক্তিশালী হয়।
১০) ২ পাহ পদুম ফুল ২০০ গ্ৰাম পানীত উতলাই সেই পানী গৰ্ভৱতী মহিলাই জ্বলা -পোৰা ৰোগত খালে ভাল হয়।