আজি বিশিষ্ট কবি তথা গল্পকাৰ মহিম বৰাৰ ওপজা দিন । ১৯২৬ চনৰ আজিৰ দিনটোতে দৰং জিলাৰ ঘোপসাধাৰু চাহ বাগিচাত তেওঁৰ জন্ম হৈছিল । সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই স্কুলৰ পৰা তেওঁ এগৰাকী সহপাঠীৰ সৈতে লগ লাগি উলিওৱা হাতে লিখা আলোচনী ‘মলয়া’ত ‘হাভানাৰ চুৰট’ নামৰ তেওঁৰ জীৱনৰ প্ৰথমটি গল্প প্ৰকাশ পায় । ছপা আখৰত প্ৰকাশ পোৱা তেওঁৰ প্ৰথমটো গল্প আছিল ‘জইন মৰা’ । গল্পটো ‘বৰদৈচিলা’ আলোচনীত ওলাইছিল । তেওঁ ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা সম্পাদিত ‘ৰংঘৰ’ নামৰ শিশু-আলোচনীখনৰ উপৰি ‘নতুন অসমীয়া’ কাকততো সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ আকাশবাণী গুৱাহাটীৰ ‘গঞাৰ মেল’ অনুষ্ঠানটো ধনবৰকাই নামেৰে পৰিচালনা কৰিছিল । পছাত এগৰাকী কলেজ শিক্ষক মহিম বৰাৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ ‘কাঠনিবাৰী ঘাট’ । বহুভুজী ত্ৰিভুজ, এখন নদীৰ মৃত্যু, ৰাতি ফুলা ফুল আদি তেওঁৰ অন্যান্য গল্প সংকলন । হেৰোৱা দিগন্তৰ মায়া, পুতলা ঘৰ, এধানি মাহীৰ হাঁহি আৰু বন্দুলি ফুলৰ ৰং তেওঁৰ উপন্যাস । ৰঙা জিয়া আৰু জোনমণিৰ হাঁহি তেওঁৰ কবিতা পুথি । পদুম কুঁৱৰী, নিৰ্মল ভকত, গৰখীয়া ভীম, তিনিৰ তিনি গ’ল আদি তেওঁৰ অনাতাঁৰ নাট । চিন্তা বিচিত্ৰা আৰু সাহিত্য বিচাৰ তেওঁৰ প্ৰবন্ধ সংকলন । ১৯৮৯ চনত ডুমডুমাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ২০০১ চনত এধানি মাহীৰ হাঁহি গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ১৯৯৮ চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰাপক মহিম বৰাক ২০০৮ বৰ্ষত অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে । ২০১১ চনত তেওঁ পদ্মশ্ৰী সন্মান লাভ কৰে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বিশ্ববিখ্যাত গল্পকাৰ তথা ঔপন্যাসিক গী দ্য মোপাছাৰ স্মৃতি দিৱস । তেওঁৰ মাথোঁ ৪২ বছৰীয়া জীৱনকালত তিনিশ চুটিগল্প, ছখন উপন্যাস, অনেক কবিতা আৰু ভ্ৰমণ কাহিনী লিখি থৈ গৈছে । তেওঁৰ এটি বিখ্যাত গল্প ‘নেকলেছ’ । দ্য ডায়মণ্ড নেকলেছ, আফটাৰ আৰু এট ছী তেওঁৰ গল্প সংকলন । ১৮৯৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।