হিমাচল প্ৰদেশৰ কুল্লু জিলাত বান-ভূমিস্খলনে গুৰুতৰ ৰূপ ধাৰণ কৰিছে ৷ আজি পুৱা ছিমলাত ডাঁৱৰ বিস্ফোৰণৰ পাছত হোৱা প্ৰচণ্ড বৰষুণে জিলাখনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ভূমিস্খলনত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক সন্ধানহীন হৈ আছে ৷ কুল্লু জিলাৰ মালানা আৰু মণিকৰণত ডাৱৰ বিস্ফোৰণৰ পিছত ৰাজ্যৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিছে ৷ দুয়োটা স্থানতে উদ্ধাৰ অভিযান অব্যাহত আছে। জিলাখনত ৬ জন লোক সন্ধানহীন হৈ আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
ৰাজ্যৰ ৰাজধানী ছিমলাৰ ধল্লী সুৰংগৰ সমীপত ভূমিস্খলনত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুগৰাকী আহত হয়। আহত লোক দুজনক চিকিৎসাৰ বাবে ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ নিয়া হৈছে। তেওঁলোক প্ৰব্ৰজিত শ্ৰমিক বুলি জানিব পৰা গৈছে।কুল্লু আৰু কিন্নৌৰ জিলাত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷
কুল্লুৰ চোজ গাঁৱত গৰু-ম’হৰ উপৰিও কমেও চাৰিজন লোক উটুৱাই লৈ গৈছে। উদ্ধাৰকাৰী দলসমূহক খৰতকীয়াকৈ প্ৰেৰণ কৰা হৈছিল যদিও ভূমিস্খলনৰ বাবে তেওঁলোক মাজৰাস্তাত আবদ্ধ হৈ আছে ৷ বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এটা অট্টালিকাত আবদ্ধ হৈ থকা মালানা ২ বিদ্যুৎ প্ৰকল্পত কৰ্মৰত প্ৰায় ২৫-৩০ জন কৰ্মচাৰীক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে ৷ লাৰ্জী, পাণ্ডোহ আৰু বিলাসপুৰত কৰ্তৃপক্ষ হাই এলাৰ্ট জাৰি কৰিছে ৷