ঘৰৰ চিৰিৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ য়াদৱ ৷ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী দুদিন পূর্বে পাটনাৰ ১০ চাৰ্কুলাৰ ৰোডত থকা ঘৰৰ চিৰিৰ পৰা পৰি সোঁ কান্ধত দুখ পোৱাৰ পাছতে ততাতৈয়াকৈ চিটি হস্পিতালত ভর্ত্তি কৰা হয় ৷
ইপিনে আৰজেডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ সন্দৰ্ভত ফোনযোগে খবৰ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ আৰজেডিৰ মুখপাত্ৰ (বিহাৰ) চিত্ৰঞ্জন গগনে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজস্বী যাদৱৰ সৈতে কথা পাতি আৰজেডিৰ মুৰব্বীৰ স্বাস্থ্যৰ বুজ লয় ৷ প্ৰধানমন্ত্ৰীয়ে আৰজেডিৰ মুৰব্বী গৰাকীৰ আশু আৰোগ্য কামনা কৰে”।
৭৪ বছৰীয়া আৰজেডি মুৰব্বীজনৰ অৱস্থা সুস্থিৰ বুলি প্ৰকাশ কৰা হৈছে। সম্প্ৰতি লালু যাদৱ চিকিৎসাধীন হৈ আছে আৰু একাধিক বিশেষজ্ঞ চিকিৎসকে তেওঁক নিৰীক্ষণ কৰি আছে ৷