ই-কমাৰ্চ চাইট সমূহত অনেক সময়ত এনে কিছুমান অফাৰ বা সুবিধা পোৱা যায় যে, যাক বিশ্বাস কৰাটো কঠিন । কিন্তু এনে অফাৰসমূহৰ দ্বাৰা সাধাৰণ মানুহ বহু সময়ত যথেষ্ট উপকৃত হোৱাও দেখা পোৱা গৈছে । এই সময়ত যদি কোনোবাই কম দামত নতুন ফোন কিনাৰ কথা চিন্তা কৰে তেন্তে বজাৰত পোৱা সকলোতকৈ সস্তা স্মাৰ্টফোনটোৰ বিষয়ে জনাৰ দৰকাৰ । কাৰণ Xiaomi ৰ স্মার্টফোন Redmi Note 9 এতিয়া বজাৰত পোৱা যাব খুব কম দামতে ।
ফ্লিপকাৰ্টত ইতিমধ্যেই আৰম্ভ হৈছে “Shop From Home Days” চেল । এই সুবিধামৰ্মে কোনোলোকে Redmi Note 9 ৰ ৬ জি বি ৰেম (6GB RAM) আৰু ১২৮ জি বি (128GB) ষ্ট’ৰেজ থকা মডেলটি কম দামতে ক্ৰয় কৰিব পাৰিব । ইয়াত ৫০০০ টকাৰ ৰেহাই মূল্যত (Discount) কিনিব পৰা যাব এই ফোন ।
উক্ত স্মাৰ্টফোনটোৰ অফাৰ , সুবিধা তথা বিৱৰণৰ বিষয়ে উল্লেখ কৰা হ’ল –
দামৰ ফালৰ পৰা চাবলৈ গ’লে Redmi Note 9 ৰ ৬ জি বি ৰেম (6GB RAM) আৰু ১২৮ জি বি (128GB) ষ্ট’ৰেজৰ মডেলটোৰ দাম ১৮,৯৯৯ টকা । কিন্তু এতিয়া ৫০০০ টকা ৰেহাই হিচাপে মাত্ৰ ১৩,৯৯৯ টকাতে কিনিব পৰা যাব এই ফোনটো। আনহাতে ফোনৰ দাম কম হোৱাৰ লগে লগে “Bank of Baroda Mastercard“ ৰ ডেবিট কাৰ্ডৰ দ্বাৰা প্ৰথম ট্ৰানজেক্সন (Transaction) কৰিলে অতিৰিক্ত ১০% ৰেহাইও পোৱা যাব। লগতে Flipkart Axis Bank Credit Card ৰ জৰিয়তে ক্ৰয় কৰিলেও ৫% ৰেহাই পোৱা যাব ।
Redmi Note 9 ৰ বিশেষ বিৱৰণ –
- Redmi Note 9 ৰ স্মাৰ্টফোনত ৬.৫৩ ইঞ্চিৰ সম্পূৰ্ণ এইচ ডি+ “1080×2340 Pixel ৰ ডিছপ্লে (Display) আছে । আনহাতে সুৰক্ষাৰ বাবে কৰ্নিং গৰিলা গ্লাছ ৫(Corning Gorilla Glass-5) ৰ সুবিধা দিয়া হৈছে ।
- স্পিড (Speed) আৰু মাল্টিটাস্কিঙৰ (Multitasking) বাবে মিডিয়াটেক হেলিঅ’ অক্টা-ক’ৰ প্ৰচেছৰ(Media Tek Helio Octa Core Processor) জৰিয়তে ৬ জি বি ৰেম আৰু ১২৮ জি বি পৰ্যন্ত ষ্ট’ৰেজ আছে ।
- ফোনত ৪৮ মেগাপিক্সেল (Megapixel) প্ৰাইমেৰি কেমেৰা চেন্সৰ( Primary Camera Sensor) আছে , লগতে ৮ মেগা পিক্সেল আলট্ৰা-ওৱাইড- এংগল(Ultra Wide Angle) , ২ মেগাপিক্সেল মাইক্ৰো(Micro) আৰু এটা ২ মেগাপিক্সেলৰ ডেপথ চেন্সৰ( Depth Sensor) দিয়া হৈছে । চেলফিৰ বাবে ফোনৰ সন্মুখত এটি ১৩ মেগাপিক্সেলৰ কেমেৰা চেন্সৰ পোৱা যাব ।
- এই Redmi Mobile ফোনত 5020 mAh ৰ শক্তিশালী বেটেৰীৰ ল’গতে এটি ১৮ ৱাটছ (18W)ৰ ফাষ্ট চাৰ্জিং চাপ’ৰ্ট ৰ সুবিধা দিয়া হৈছে