ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘জনসংঘ’ৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে ভাৰতৰ উন্নয়নত, বিশেষকৈ বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত তেওঁৰ মহান অৱদানৰ বাবে তেওঁক ব্যাপকভাৱে সন্মান কৰা হয়।
১৯০১ চনৰ ৬ জুলাইত পশ্চিম বংগৰ পূৰ্বৰ কলিকতাত জন্মগ্ৰহণ কৰা মুখাৰ্জী হিন্দু অধিকাৰ আৰু জাতীয়তাবাদী দৃষ্টিভংগীৰ সমৰ্থনৰ বাবে জনাজাত আছিল ৷
তেওঁ ১৯৪১-১৯৪২ চনত পূৰ্বৰ বংগ প্ৰদেশৰ বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১৯৪৩ চনৰ পৰা ১৯৪৬ চনলৈ অখিল ভাৰতীয় হিন্দু মহাসভাৰ সভাপতি আছিল মুখাৰ্জী। তেওঁ ১৯৪৭ চনৰ পৰা ১৯৫০ চনৰ ভিতৰত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰথমতে এজন কংগ্ৰেছী শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ১৯৫০চনত সেইসময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে মতভেদৰ পিছত কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল আৰু ১৯৫১ চনত ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰিছিল।
তেওঁ হিন্দু মহাসভাৰ সভাপতি আছিল আৰু পিছত আৰ এছ এছৰ সহায়ত বিজেপিৰ পূৰ্বসূৰী জনসংঘ প্ৰতিষ্ঠা কৰিছিল। তেওঁ ১৯৭৭ চনৰ পৰা ১৯৭৯ চনৰ এই সময়ছোৱাত তেওঁ জনতা পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক আছিল যি পিছলৈ ভাৰতীয় জনতা পাৰ্টিত পৰিণত হৈছিল।
আজি তেওঁৰ জন্ম জয়ন্তী উপলক্ষে এক টুইটযোগে প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “ড০ শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভাৰতৰ উন্নয়নত বিশেষকৈ বাণিজ্য আৰু উদ্যোগৰ দৰে ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁক ব্যাপকভাৱে সন্মান কৰা হয়। তেওঁ তেওঁৰ পাণ্ডিত্যপূৰ্ণ প্ৰকৃতি আৰু বৌদ্ধিক দক্ষতাৰ বাবেও জনাজাত আছিল।”