দিল্লীৰ আপ চৰকাৰৰ কাম কাজে সমগ্ৰ দেশবাসীৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে ৷ চৰকাৰী শিক্ষা-স্বাস্থ্য ব্যৱস্থাৰ উপৰি আন্তঃগাঠনি উন্নয়নৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে আপ চৰকাৰক সকলোৱে প্ৰশংসা কৰি আহিছে ৷ ইয়াৰ সমান্তৰালভাৱে এইবাৰ ৰাজহ বৃদ্ধিৰ ক্ষেত্ৰতো সফলতা অর্জন কৰিছে কেজৰিৱাল চৰকাৰ ৷ ২০১৫ চনৰ পৰা দিল্লীৰ ৰাজহ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে ৷ ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকৰ (কেগ) অডিট প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ বুধবাৰে এই প্ৰতিবেদন সন্দর্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে এই প্ৰতিবেদনে আপৰ সততাৰ “বৃহৎ প্ৰমাণ” ৷
এক টুইটযোগে তেওঁ কয় “কেগে কৈছে যে দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা চৰকাৰখন মুনাফাত চলি আহিছে। আম আদমী পাৰ্টি চৰকাৰৰ সততাৰ এয়াই আটাইতকৈ ডাঙৰ প্ৰমাণ। এই সততাই আমাৰ বিৰোধীসকলক শান্তিৰে শুবলৈ নিদিয়ে।’
উপমুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াই কয় যে কেজৰিৱাল-চৰকাৰে “সৎ ৰাজনীতি”ৰ বাবেই ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাজহ ছাৰপ্লাছ ৰাজ্য হিচাপে ৰাখিবলৈ সক্ষম হৈছে। “এয়া হৈছে ‘কেজৰিৱাল মডেল অৱ গভৰ্নেন্স’। যেতিয়া প্ৰতিখন ৰাজ্য চৰকাৰে বৃহৎ ৰাজহৰ ঘাটিৰ সন্মুখীন হৈছে, সেই সময়ত কেৱল অৰবিন্দ কেজৰিৱাল চৰকাৰে ২০১৫ চনৰ পৰা ৰাজহ ছাৰপ্লাছ কৰিবলৈ সক্ষম হৈছে । সৎ ৰাজনীতিয়ে সমৃদ্ধি কঢ়িয়াই আনে।
ছিছ’ডিয়াই মঙলবাৰে দিল্লী বিধানসভাত দাখিল কৰে ২০২০ চনৰ মাৰ্চ মাহত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ বাবে কেগ প্ৰতিবেদন।প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০১৯-২০ চনত দিল্লীৰ ৰাজহ ছাৰপ্লাছ আছিল ৭,৪৯৯ কোটি ৷ ২০১৮-১৯ চনত ০.৮১%ৰ বিপৰীতে ২০১৯-২০ চনত ৰাজহ ছাৰপ্লাছ আছিল জিএছডিপি (মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন)ৰ ০.৮৮% আছিল।কিন্তু কেগে আঙুলিয়াই দিয়ে যে দিল্লীয়ে ৰাজহ ছাৰপ্লাছ বজাই ৰাখিবলৈ সক্ষম হৈছে কিয়নো কিছুমান বিশেষ ব্যয় কেন্দ্ৰই সামৰি লয়। -কেগৰ প্ৰতিবেদনত কয় ‘ভাৰত চৰকাৰে বহন কৰি থকা জিএনচিটিডিৰ কৰ্মচাৰীসকলৰ পেঞ্চনৰ দায়বদ্ধতাৰ বাবেই দিল্লীৰ এনচিটিয়ে ৰাজহ ছাৰপ্লাছ বজাই ৰাখিবলৈ সক্ষম হৈছে। তদুপৰি দিল্লী আৰক্ষীৰ ব্যয়ও গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বহন কৰে।’ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে দিল্লীৰ ৰাজহ ব্যয় ২০১৫-১৬ চনত ২৬,৩৪৩ কোটি টকাৰ পৰা ২০১৯-২০ চনত ৩৯,৬৩৭ কোটিলৈ ৫০.৪৭% বৃদ্ধি পাইছে। ২০১৮-১৯ চনত ৩৬,৮৫২ কোটিৰ পৰা ২০১৯-২০ চনত ৩৯,৬৩৭ কোটিলৈ একে পৰিমাণ ৭.৫৬% বৃদ্ধি পাইছে। মুঠ ৰাজহ ব্যয়ত প্ৰতিশ্ৰুতিবদ্ধ ব্যয়ৰ অংশ যোৱা পাঁচ বছৰত ৩৪.৪১%ৰ পৰা ৩৫.৮১%ৰ ভিতৰত আছিল।
বিদ্যুৎ, পানী, বাছ যাত্ৰা আদিৰ ওপৰত দিল্লী চৰকাৰে প্ৰদান কৰা ৰাজসাহায্যৰ কাৰক হিচাপে লৈ কেগে কয়, “২০১৫-১৬ চনত ৰাজসাহায্যৰ ব্যয় ১,৮৬৭.৬১ কোটিৰ পৰা ২০১৯-২০ চনত ৩,৫৯২.৯৪ কোটিলৈ বৃদ্ধি পাইছে (৯২.৩৮%)। ২০১৯-২০ চনত ৰাজসাহায্যৰ ব্যয় পূৰ্বৰ বছৰৰ তুলনাত ৪১.৮৫% বৃদ্ধি পাইছে। স্থানীয় সংস্থা আৰু অন্যান্যক আৰ্থিক সাহায্য ২০১৮-১৯ বৰ্ষত ১৫,০৮৭.২২ কোটিৰ পৰা ২০১৯-২০ বৰ্ষত ১৬,২৩২.৯৭ কোটিলৈ ৭.৫৯% বৃদ্ধি পাইছে।”