হায়দৰাবাদকে ধৰি ভাৰতৰ বিভিন্ন চহৰত জিকা ভাইৰাছৰ সংক্ৰমণ ঘটিছে ৷ আই চি এম আৰ আৰু এন আই ভি, পুনেৰ এক অধ্যয়নে এই তথ্য প্ৰকাশ কৰিছে।ফ্ৰন্টিয়াৰ্ছ ইন মাইক্ৰ’বায়’লজি নামৰ আলোচনীখনত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি এই ভাইৰাছৰ অধিক সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে নিৰীক্ষন ব্যৱস্থা অধিক শক্তিশালী কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
অধ্যয়নৰ অংশ হিচাপে ১৫২০টা নমুনা পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৬৭টাত জিকা ভাইৰাছ পজিটিভ পোৱা গৈছিল। পজিটিভ পোৱা এটা নমুনা আছিল ওছমানিয়া মেডিকেল কলেজৰ। হায়দৰাবাদৰ উপৰিও উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, কেৰেলা, পঞ্জাৱ, ৰাজস্থান, ঝাৰখণ্ড, দিল্লীৰ চহৰৰ নমুনাতো জিকা ভাইৰাছ পোৱা গৈছিল।
উল্লেখ্য যে দিনৰভাগত সক্ৰিয় এডিছ মহৰ দ্বাৰা জিকা ভাইৰাছ বিয়পে। সংক্ৰমণৰ লক্ষণসমূহ গুৰুতৰ নহয়। সংক্ৰমিত ব্যক্তি মৃদু জ্বৰত আক্ৰান্ত হ’ব পাৰে ৷ যদিও সাধাৰণতে প্ৰাপ্তবয়স্কৰ বাবে এই ভাইৰাছবিধ ক্ষতিকাৰক নহয়, তথাপিও ইয়াৰ ফলত জন্মগত বিসংগতিৰ সৃষ্টি হ’ব পাৰে কাৰণ ই গৰ্ভৱতী মহিলাৰ পৰা সন্তানলৈ বিয়পিব পাৰে।নৱজাতকৰ ক্ষেত্ৰত শিশুৰ মূৰ আশা কৰাতকৈ বহু সৰু হোৱাৰ লগতে অন্যান্য জন্মগত বিসংগতি হ’ব পাৰে ৷ জিকা ভাইৰাছ সাধাৰণতে মাইকী এডিছ মহৰ দ্বাৰা বিয়পে।