বলীউদ ছবি জগতত অন্য এক সংযোজন হ’ল’ বেল বটম’। মুক্তিৰ পূৰ্বেই এই ছবি খনক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে। ছবি খন এখন বিমান হাইজেক কৰা আৰু যাত্ৰী সকলক উদ্ধাৰ কৰা ঘটনাক লৈ নিৰ্মাণ কৰা হৈছে।
অৱশেষত ছবিৰ যোগেদি ৰূপালী পৰ্দাৰ চেলুলইডত বন্দী হ’ল ভাৰতৰ প্ৰথম মহিলা প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী।ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰ খনত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা এই বিশিষ্ট চৰিত্ৰটোক জীৱন্ত ৰূপ দিছে বলীউদৰ মোহময়ী অভিনেত্ৰী লাৰা দত্তই।
প্ৰথমাৱস্থাত যদিও এই চৰিত্ৰটোৰ বাবে পৰিচালক ৰণজিৎ এম তিৱাৰীয়ে লাৰা দত্তক নিৰ্বাচন কৰা নাছিল তথাপি অভিনেতা অক্ষয় কুমাৰৰ কথা মতে পৰিচালকে লাৰা দত্তক এই বিশেষ চৰিত্ৰটোৰ বাবে নিৰ্বাচন কৰে।
খবৰ অনুসৰি অভিনেত্ৰী গৰাকীয়ে এই চৰিত্ৰটোৰ বাবে যথেষ্ট কষ্ট কৰিছে।ছেটত উপস্থিত হোৱাৰ পূৰ্বে বহুখিনি হ’মৱৰ্ক কৰিবলগীয়া হৈছে লাৰাই।চৰিত্ৰটোৰ ভিতৰত সোমাই যাবলৈ লাৰাক পৰিচালক তিৱাৰীয়ে ইন্দিৰা গান্ধীৰ বহুকেইটা ভিডিঅ‘ ক্লিপো যোগান ধৰিছে যাতে লাৰাই চৰিত্ৰটোৰ সফল ৰূপ দিব পাৰে।
ইফালে ছবিখনৰ ৰূপ সজ্জাকাৰী শিল্পী বিক্ৰম গায়কৱাডে এক সাক্ষাৎকাৰত কয় যে দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে ইন্দিৰা গান্ধীৰ ৰূপ সজ্জাত লাৰাক বহুবাৰ ট্ৰায়েল লোৱা হৈছিল। যিহেতু ইন্দিৰা গান্ধীৰ মুখ,নাক,চেলাউৰি,চুলিৰ সেই বিশেষত্ব আনিবলৈ এই ট্ৰায়েল লোৱাটো জৰুৰী আছিল।
ছবি খনত অক্ষয় কুমাৰৰ উপৰিও হুমা কুৰেছি আৰু বাণী কাপুৰেও অভিনয় কৰিছে।