দুই দশকৰ পাছত মাটিৰ তলৰ পৰা খান্দি উলিওৱা হ’ল তালিবানৰ প্ৰতিষ্ঠাতা মোল্লা ওমৰে ব্যৱহাৰ কৰা চাৰিচকীয়া বাহন ৷ পূব আফগানিস্তানৰ জাবুল প্ৰদেশৰ এখন গাঁৱৰ বাগিচাৰ পৰা বাহনখন খান্দি উলিওৱা হয় ৷ উল্লেখ্য যে ৯/১১ আক্ৰমণৰ পিছত আমেৰিকান বাহিনীয়ে লক্ষ্য কৰি লোৱাৰ পাছত পলায়ন কৰিবলৈ তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰে গাড়ীখন ব্যৱহাৰ কৰিছিল ৷ তালিবানৰ প্ৰাক্তন বিষয়া আব্দুল জাব্বাৰ ওমাৰীয়ে বগা ৰঙৰ টয়োটা ক’ৰ’লা গাড়ীখন এই সপ্তাহত খান্দি উলিয়াবলৈ নিৰ্দেশ দিছিল।
জাবুল প্ৰদেশৰ তথ্য আৰু সংস্কৃতিৰ সঞ্চালক ৰহমতুল্লাহ হাম্মাদে প্ৰকাশ কৰা অনুসৰি গাড়ীখনৰ অৱস্থা এতিয়াও ভাল হৈ আছে ৷ কেৱল ইয়াৰ সন্মুখভাগহে অলপ ক্ষতিগ্ৰস্ত হৈছে। এই বাহনখন শত্ৰুৰ হাতত ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ২০০১ চনত ওমৰৰ স্মৃতি হিচাপে মুজাহিদীনে পুতি থৈছিল। তালিবানে গাড়ীখন ৰাজধানীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত “মহান ঐতিহাসিক স্মৃতিসৌধ” হিচাপে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিব ৷
১৯৯৬ চনত ৰক্তাক্ত গৃহযুদ্ধৰ পিছত কট্টৰপন্থী ইছলামিক আন্দোলনক ক্ষমতালৈ অনা মোল্লা ওমৰে কান্দাহাৰত তালিবান গঠন কৰিছিল ৷সেই সময়তে দেশখনৰ ওপৰত কঠোৰ ইছলামিক আইন জাপি দিয়া হৈছিল ৷ তাৰ পিছত আফগানিস্তান ওছামা বিন লাডেন আৰু আল কায়দাকে ধৰি জেহাদী গোটসমূহৰ বাবে মূল আশ্ৰয়স্থল হৈ পৰে ৷ তালিবানে বিন লাডেনক গতাই দিবলৈ অস্বীকাৰ কৰাৰ পাছত আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিয়ে আফগানিস্তানত বিমান আক্ৰমণ চলায় ৷ আক্ৰমণ কৰাৰ পূৰ্বে তালিবানক ক্ষমতাৰ পৰা আঁতৰাই নতুন চৰকাৰ স্থাপন কৰিছিল। তালিবানৰ বিষয়াসকলে কয় যে মোল্লা ওমৰে কান্দাহাৰৰ পৰা টয়োটা ক’ৰ’লাত পলায়ন কৰিছিল। ২০১৩ চনত লুকাই থকা অৱস্থাত তেওঁৰ মৃত্যু হয় যদিও বিষয়াসকলে তেওঁৰ মৃত্যুক কেইবাবছৰ ধৰি গোপন কৰি ৰাখিছিল।
দুটা দশক ধৰি ৰক্তাক্ত বিদ্ৰোহ ৰোধ কৰাৰ চেষ্টা চলোৱাৰ পাছত যোৱা বছৰ ৱাশ্বিংটনে আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰে ৷ তালিবানে কাবুল দখল কৰি ক্ষমতালৈ ঘূৰি আহে ৷