চেন্নাই চুপাৰ কিংছ (চিএছকে)ৰ প্ৰাক্তন অধিনায়ক ৰবীন্দ্ৰ জাদেজাই তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা দলটোৰ ২০২১ আৰু ২০২২ বৰ্ষৰ সৈতে সম্পৰ্কিত সকলো পোষ্ট আঁতৰাই দিয়া কাৰ্যক কেন্দ্ৰ কৰি বৰ্তমান ক্ৰীড়া প্ৰেমী সকলৰ মাজত এই প্ৰশ্নৰ উদ্ৰেক ঘটিছে যে অলৰাউণ্ডাৰগৰাকী আৰু আই পি এল ফ্ৰেঞ্চাইজিৰ মাজত কিবা মনোমালিন্য ঘটিছে নেকি ?
এম এছ ধোনীয়ে আই পি এল ২০২২ ছিজনৰ আগতে তেওঁৰ অধিনায়কত্ব ত্যাগ কৰাৰ পিছত জাদেজাক এই বছৰৰ আৰম্ভণিতে চিএছকেৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল। অৱশ্যে, অলৰাউণ্ডাৰজনে ২০২২ বৰ্ষৰ আধাতে পদত্যাগ কৰিছিল কিয়নো অধিনায়কত্বই তেওঁৰ ব্যক্তিগত প্ৰদৰ্শনত প্ৰভাৱ পেলাইছিল।
অৱশেষত এম.এছ. ধোনীয়ে পুনৰ দলটোৰ দায়িত্ব ঘূৰাই লয় আৰু পৰৱৰ্তী সময়ত জাদেজাক আই পি এলৰ পৰা বাহিৰ কৰা হয়। দুমাহমান আগতে অলৰাউণ্ডাৰ গৰাকীয়ে চেন্নাই ফ্ৰেঞ্চাইজিৰ সৈতে এটা আই পি এল ছিজন সমাপ্ত কৰিছিল।
ছ’চিয়েল মিডিয়াত, অনুৰাগীসকলে তৎক্ষণাৎ লক্ষ্য কৰিছিল যে জাদেজাই তেওঁৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইল, চিএছকেৰ আই পি এল ২০২১ আৰু ২০২২ অভিযানৰ সৈতে সম্পৰ্কিত ছবিসমূহ আঁতৰাই পেলাইছিল।
এজন অনুৰাগীয়ে সামাজিক মাধ্যমত লিখিছিল, “জাদেজাই এই বছৰ ধোনীক তেওঁৰ জন্মদিনত শুভেচ্ছা জনোৱা নাছিল। (তেওঁ এইটো প্ৰতি বছৰে কৰে)। ইফালে ইনষ্টাগ্ৰামত তেওঁৰ চিএছকে সম্পৰ্কীয় সকলো পোষ্ট বিলোপ কৰিছে। কিবা এটা নিশ্চিতভাৱে সঠিক নহয়,” ।
আন এজন ব্যৱহাৰকাৰীয়ে টুইট কৰিছি লিখিছিল যে,”ৰবীন্দ্ৰ জাদেজাই হয়তো ২০২৩ চনৰ বাবে চিএছকে এৰিব। চিএচকেৰ সৈতে সম্পৰ্কিত প্ৰায় প্ৰতিটো পোষ্ট বিলোপ কৰা হৈছে। দীপক চাহাৰ আৰু অম্বাতি ৰায়াডুৰ বিষয়েও শুনিছিল যদিও এই দুয়োজনৰ বিষয়ে নিশ্চিত হোৱা নাছিল। চিএছকেৰ অনুৰাগীসকলৰ বাবে ইয়াক গ্ৰহণ কৰা কঠিন” ।
উল্লেখযোগ্য ২০২২চনৰ আই পি এল ছিজন বেয়া হোৱা স্বত্বেও কিন্তু জাদেজা ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ প্ৰত্যাৱৰ্তন মেচত উজ্জ্বল আছিল। ১ জুলাইৰ পৰা ৫ জুলাইৰ ভিতৰত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে খেলা পঞ্চম টেষ্টত তেওঁ এজবাষ্টনত এটা উজ্জ্বল শতক অৰ্জন কৰিছিল।