লণ্ডনত তেওঁলোকৰ সন্তানৰ সৈতে অৱসৰৰ সময়ছোৱাত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ খান আৰু তেওঁৰ স্বামী, অভিনেতা চেইফ আলী খান ইংলেণ্ডৰ উইনচেষ্টাৰলৈ গৈছিল। চেইফ আলী খান, টাইমুৰ আলী খান আৰু চেইফৰ আটাইতকৈ ভাল বন্ধু এন্দ্ৰিয়াছ কাম্পোমাৰৰ এখন ফটো শ্বেয়াৰ কৰি কৰীণাই লিখিছিল,”দেউতা… গডফাদাৰ … পুত্ৰ। উইনচেষ্টাৰ ২০২২।
ছবিখনত, চেইফক উইনচেষ্টাৰ বিশ্ববিদ্যালয়ৰ ৬০০ বছৰ পুৰণি কৰিড’ৰ এটাত আগবাঢ়ি যোৱা দেখা গৈছে য’ত সৰু টিম-টিমে তেওঁক অনুসৰণ কৰিছে। এন্দ্ৰিয়াছ কাম্পোমাৰ হৈছে উইনচেষ্টাৰ মহাবিদ্যালয়ৰ চেইফৰ আটাইতকৈ ভাল বন্ধু। ফটোখন আপলোড কৰাৰ অতি কম সময়ৰ ভিতৰতে সামাজিক মাধ্যমত থকা তেওঁলোকৰ অনুৰাগীসকলে উক্ত পোষ্টটোত তেওঁলোকৰ মন্তব্য আৰু প্ৰতিক্ৰিয়াৰে ভৰাই পেলাইছে । চেইফৰ ভগ্নী চাবা পাটৌডিয়েও মন্তব্য শাখালৈ গৈ লিখিছে, “মাছাল্লাহ, ৱণ্ডাৰফুল মুহূৰ্ত”।
কৰীণাই তেওঁৰ অনুৰাগীসকলৰ সৈতে তেওঁৰ বন্ধৰ সময়ছোৱাৰ ফটোবোৰ শ্বেয়াৰ কৰি আহিছে আৰু শনিবাৰে তেওঁ তেওঁৰ ভগ্নী কৰিশ্মা কাপুৰ আৰু তেওঁৰ অন্তৰংগ বান্ধৱী অমৃতা অৰোৰা আৰু নাতাশা পুনাৱালাৰ সৈতে এখন গ্ৰুপ ফটো শ্বেয়াৰ কৰিছে। তেওঁলোক সকলোৱে আকৰ্ষণীয় পোছাক পিন্ধি থট’ৰ বাবে প’জ দিছে আৰু ফট’খনৰ কেপচনত কৰীণাই লিখিছে, “আপুনি আমাৰ সৈতে বহিব নালাগে… কিন্তু ফট’ৰ বাবে থিয় হৈ ভংগীমা দিব পাৰে… কাৰণ আমি সেইটোৱেই কৰিবলৈ ভাল পাওঁ।”
View this post on Instagram
শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে লণ্ডনত তেওঁৰ খুড়ী, অভিনেত্ৰী নীতু কাপুৰৰ জন্মদিন উদযাপনতো উপস্থিত আছিল। নীতু কাপুৰৰ ৬৪ তম জন্মদিন উদযাপন কৰাৰ সময়ত কাপুৰ পৰিয়ালৰ সদস্যসকল দুপৰীয়াৰ আহাৰৰ বাবে একত্ৰিত হৈছিল।
কৰ্মক্ষেত্ৰত, কৰীণাক পৰৱৰ্তী সময়ত আমিৰ খানৰ সৈতে ‘লাল সিং চাড্ডা’ত দেখা যাব। ছবিখন ১১ আগষ্টত ছবিগৃহলৈ আহিবলৈ সাজু হৈছে। ইয়াৰ উপৰিও, কৰীণাই অলপতে সুজয় ঘোষৰ দ্বাৰা পৰিচালিত তেওঁৰ অ’টিটি প্লেটফৰ্মত মুক্তি পাব লগীয়া এখন চলচ্চিত্ৰত কাম ইতিমধ্যে সম্পন্ন কৰিছে । চলচ্চিত্ৰখন জাপানী উপন্যাস ‘দ্য ডিভেণ্ট অফ চাস্পেক্ট এক্স’ৰ ওপৰত আধাৰিত বুলি জানিব পৰা গৈছে।