অপাৰেচন লটাছ নামেৰে বিজেপিয়ে আৰম্ভ কৰা অভিযানেৰে চলে বলে কৌশলে বিভিন্ন ৰাজ্যত নিজৰ চৰকাৰ স্থাপন কৰিবলৈ চেষ্টা চলাই আহিছে ৷ ইয়াৰ শেহতীয়া উদাহৰণ হৈছে মহাৰাষ্ট্ৰ ৷ একনাথ ছিন্দেৰ নেতৃত্বত বিদ্ৰোহ আৰম্ভ কৰি মহাৰাষ্ট্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ৷ এইবাৰ অপাৰেচন লটাছৰ অধীনত নতুন অভিযান বিজেপিয়ে আৰম্ভ কৰিছে গোৱাত ৷ যদিও গোৱাত বিজেপি চৰকাৰ চলি আছে তৎসত্বেও কগ্ৰেছৰ বিধায়কক নিজৰ দললৈ আনিবলৈ বিজেপিয়ে আপ্ৰাণ চেষ্টা চলাইছে বুলি চর্চা আৰম্ভ হৈছে ৷ শেহতীয়াকৈ ৫ জন বিধায়ক দলৰ পৰা যোগাযোগহীন হৈ পৰাৰ পাছতে এই চর্চা আৰম্ভ হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত আন ৫ জন বিধায়কক অজ্ঞাত স্থানত লুকুৱাই ৰাখিছে কংগ্ৰেছে ৷
গোৱা কংগ্ৰেছৰ মুৰব্বী অমিত পাটকাৰৰ মতে, বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে দলটোৱে নতুন বিৰোধী নেতাৰ নামো ঘোষণা কৰা হ’ব ৷ সোমবাৰৰ পুৱালৈকে ৪০ জনীয়া গোৱা বিধানসভাত মুঠ ১১ জন কংগ্ৰেছী বিধায়কৰ ভিতৰত পাঁচজন দলটোৰ সৈতে আছিল ৷ আন এজন বিধায়ক এলেক্সো চেকুৱেইৰাই ঘৰত থাকি দলটোক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই নিশ্চিত কৰিছে যে তেওঁলোকে দলটোৰ সৈতে থকা পাঁচজন বিধায়কক অজ্ঞাত স্থানলৈ লৈ গৈছে যাতে দলটোত আৰু ‘বিভাজন’ নহয়। অৱশ্যে অধিৱেশনত অংশগ্ৰহণৰ বাবে এই বিধায়ক সকলে বিধানসভা কমপ্লেক্সত উপস্থিত হ’ব বুলি সদৰী কৰা হৈছে ৷
দেওবাৰে ৰাজ্যৰ কংগ্ৰেছৰ পাঁচজন বিধায়ক – মাইকেল লোবো, দিগম্বৰ কামত, কেদাৰ নাইক, ৰাজেশ ফালদেছাই আৰু ডেলিলাহ লোবো –যোগাযোগহীন হৈ পৰাত এক লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। পৰৱৰ্তী সময়ত গোৱা বিধানসভাৰ বিৰোধী নেতা পদৰ পৰা কংগ্ৰেছে লোবোক অপসাৰণ কৰে বুলি দেওবাৰে সন্ধিয়া দলটোৰ ৰাজ্যিক প্ৰভাৰী দীনেশ গুণ্ডু ৰাওৱে ঘোষণা কৰে। ৰাওৱে অভিযোগ কৰে যে লোবোয়ে বিজেপিৰ সৈতে মিলি কংগ্ৰেছত বিভাজনৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ৷ সেয়ে বিৰোধী নেতা পদৰ পৰা লোবোক অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৱে। ৰাওৱে লগতে কয় যে যদি পাঁচজন বিধায়কে দল সলনি কৰিলে তেওঁলোকে পুনৰ নিৰ্বাচনৰ সন্মুখীন হ’ব লাগিব ৷ কিয়নো তেওঁলোকৰ লগত নাই দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা ৷ আনহাতে পাঁচজন ‘বিদ্ৰোহী’ বিধায়কৰ কোনো এজন বিধায়ক মন্তব্যৰ বাবে উপলব্ধ নহ’লেও বিজেপিৰ সূত্ৰই দাবী কৰিছে যে বিধায়কসকল তেওঁলোকৰ সৈতে যোগাযোগত আছে।
দেওবাৰে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত গোৱাৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰমোদ সাৱন্তই কয় যে তেওঁ “অন্য দল” (কংগ্ৰেছ)ৰ ঘটনা সন্দৰ্ভত কোনো মন্তব্য দিব নিবিচাৰে।কংগ্ৰেছৰ কোনোবা বিধায়ক তেওঁক সাক্ষাৎ কৰিবলৈ আহিছে নেকি বুলি সোধাত সাৱন্তই কয় যে, “মোক সাক্ষাৎ কৰিবলৈ বহু বিধায়ক আহে , যিহেতু সোমবাৰৰ পৰা বিধানসভা আহ্বান কৰা হৈছে।” দেওবাৰে নিশা কংগ্ৰেছে নিজৰ বিধায়িনী দলৰ এখন বৈঠকত লোবোক বিৰোধী নেতা পদৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই নতুন বিৰোধী দলপতিৰ নাম ঘোষণা কৰা হ’ব ৷ কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে দেওবাৰে দলৰ জ্যেষ্ঠ নেতা মুকুল ৱাছনিকক ৰাজ্যখনৰ “শেহতীয়া ৰাজনৈতিক পৰিঘটনাসমূহ চোৱাচিতা কৰিবলৈ” গোৱালৈ প্ৰেৰণ কৰিছে ৷
গোৱাৰ শাসকীয় বিজেপিৰ ২০ জন বিধায়ক আছে ৷ প্ৰমোদ সাৱন্ত চৰকাৰে মহাৰাষ্ট্ৰবাদী গোমন্তক পাৰ্টিৰ দুজন আৰু তিনিজন নিৰ্দলীয় বিধায়কৰ সমর্থন লাভ কৰিছে ৷ । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ১১খন আসন লাভ কৰিছিল। গোৱা ফৰৱাৰ্ড পাৰ্টি আৰু ৰিভল্যুচনেৰী গোৱা পাৰ্টিয়ে এখনকৈ আসন লাভ কৰাৰ বিপৰীতে আম আদমি পাৰ্টিয়ে দুখন আসন লাভ কৰিছিল।