বিশ্বৰ ইতিহাসত নিজস্ব এখন আসন দখল কৰিবলৈ সক্ষম হোৱা এজন মহান ক্ৰীড়াবিদ মো ফাৰাহক জিবুতিৰ পৰা ন বছৰ বয়সত অবৈধভাৱে ব্ৰিটেইনলৈ সৰবৰাহ কৰা হৈছিল আৰু এজন শিশু সেৱক হিচাপে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল ৷ আনকি শেহতীয়াকৈ তেওঁ এই কথা প্ৰকাশ কৰিছে যে, তেওঁৰ প্ৰকৃত নাম হুছেইন আব্দি কাহিন।
দৌৰবিদগৰাকীক পূব আফ্ৰিকাৰ দেশৰ পৰা তেওঁৰ আঠ বা ন বছৰ বয়সতে এগৰাকী মহিলাই তেওঁক লৈ উৰা মাৰিছিল,যাক তেওঁ আগতে কেতিয়াও লগ পোৱা নাছিল ৷ মহম্মদ ফাৰাহ নাম দিয়া হৈছিল তেওঁক আৰু আন এটা পৰিয়ালৰ সন্তানৰ চোৱাচিতা কৰিবলৈ বাধ্য কৰাইছিল ৷
লণ্ডন ২০১২ আৰু ৰিঅ’ ২০১৬ অলিম্পিক দুয়োটাতে ৫,০০০ মিটাৰ-১০,০০০মিটাৰ ডাবল সম্পূৰ্ণ কৰা ফাৰাহে আগতে কৈছিল যে তেওঁ মাক-দেউতাকৰ সৈতে চোমালিয়াৰ পৰা শৰণাৰ্থী হিচাপে ইউকেলৈ আহিছিল।কিন্তু আশ্চৰ্যকৰ ভাৱে ৩৯ বছৰীয়া যুৱকজনে এতিয়া এই কথা প্ৰকাশ কৰিছে যে তেওঁৰ পিতৃ-মাতৃ কেতিয়াও ইউকেলৈ যোৱা নাই ৷ ফাৰাহৰ বয়স চাৰি বছৰ হোৱাৰ সময়ত চোমালিয়াত অসামৰিক অস্থিৰতাত তেওঁৰ দেউতাক নিহত হৈছিল আৰু তেওঁৰ মাক আৰু দুই ভাতৃ সোমালিলেণ্ডৰ বিচ্ছিন্ন ৰাজ্যত বাস কৰে, যিটো আন্তৰ্জাতিক ভাৱে স্বীকৃত নহয়।
ফাৰাহে কয়, “সঁচা কথাটো হ’ল আপোনালোকে মোক যি বুলি ভাবে মই সেইজন নহয়।” “বেছিভাগ লোকে মোক মো ফাৰাহ বুলি জানে, কিন্তু এয়া মোৰ নাম নহয় বা ই বাস্তৱ নহয়।”
তেওঁৰ সৈতে ইউকেলৈ উৰা মৰা মহিলাগৰাকীয়ে তেওঁক কৈছিল যে তেওঁক আত্মীয়সকলৰ সৈতে থাকিবলৈ লৈ যোৱা হৈছিল আৰু তেওঁৰ নাম মোহামেদ বুলি ক’বলৈ কোৱা হৈছিল কিয়নো তেওঁৰ ওচৰত ভুৱা ভ্ৰমণ নথি আছিল য’ত “মহম্মদ ফাৰাহ” নামৰ কাষত তেওঁৰ ফটো দেখুওৱা হৈছিল।
চাৰিটা অলিম্পিক স্বৰ্ণ জয় কৰা প্ৰথম ব্ৰিটিছ ট্ৰেক এণ্ড ফিল্ড এথলীট ফাৰাহে কৈছিল যে তেওঁৰ সন্তানে তেওঁক তেওঁৰ অতীতৰ বিষয়ে সঁচা কথা ক’বলৈ অনুপ্ৰাণিত কৰিছিল।
“মোৰ কাহিনী কোৱাৰ এইটোৱেই মুখ্য কাৰণ কিয়নো মই স্বাভাৱিক অনুভৱ কৰিব বিচাৰো আৰু যেন এনে অনুভৱ নকৰোঁ যে আপুনি কিবা এটা ধৰি ৰাখিছে।”
আনহাতে ফাৰাহৰ পত্নী তানিয়াই কৈছিল যে তেওঁলোকৰ ২০১০ চনৰ বিবাহৰ আগৰ বছৰটোত তেওঁ অনুভৱ কৰিছিল যে “তেওঁৰ কাহিনীত যেন আৰু বহু কথা লুকাই আছে” কিন্তু তেওঁ অৱশেষত তেওঁক প্ৰশ্ন কৰিছিল আৰু তেওঁ সঁচা কথা কৈছিল।
যেতিয়া তেওঁ ইউকেত উপস্থিত হৈছিল, ফাৰাহে কয় যে তেওঁৰ সৈতে যোৱা মহিলাগৰাকীয়ে তেওঁৰ পৰা এখন কাগজ লৈছিল য’ত তেওঁৰ আত্মীয়সকলৰ যোগাযোগৰ বিৱৰণ আছিল আৰু “ইয়াক ফালি ডাষ্টবিনত পেলাই দিছিল। সেই মুহূৰ্ততহে তেওঁ জানিছিল যে তেওঁ সমস্যাত পৰিছে।
ফাৰাহৰ শাৰীৰিক শিক্ষাৰ শিক্ষক এলান ৱাটকিনছনে এই কথা লক্ষ্য কৰিছিল যে যুৱকজন দৌৰাৰ পথত থাকোতে তেওঁৰ মনোভাৱ কেনেদৰে সলনি হৈছিল।এই বিষয়ে ৱাটকিনছনে কয়, “তেওঁ বুজি পোৱা একমাত্ৰ ভাষা টো আছিল পিই আৰু ক্ৰীড়াৰ ভাষা।”
আনহাতে ফাৰাহে কৈছে যে, এথলেটিকছৰ বাবেই তেওঁ পলাই যাবলৈ সক্ষম হয়।
ফাৰাহে অৱশেষত ৱাটকিনছনক সঁচা কথাটো কৈছিল আৰু তেওঁ স্থানীয় কৰ্তৃপক্ষক অৱগত কৰিছিল আৰু ৱাটকিনছনেই ফাৰাহৰ ব্ৰিটিছ নাগৰিকত্বৰ বাবে আবেদন কৰিছিল যাক তেওঁ “দীঘলীয়া প্ৰক্ৰিয়া” বুলি বৰ্ণনা কৰিছিল আৰু ২০ চনৰ ২৫ জুলাইত ফাৰাহক ব্ৰিটিছ নাগৰিক হিচাপে স্বীকৃতি দিয়া হৈছিল।
ফাৰাহে কয়, “মই প্ৰায়ে আন জন মহম্মদ ফাৰাহৰ বিষয়ে চিন্তা কৰোঁ, যিজন ল’ৰাৰ স্থান মই সেই বিমানখনত লৈছিলো আৰু মই সঁচাকৈয়ে আশা কৰোঁ যে তেওঁ ঠিকে আছে।”
বুধবাৰে বিবিচি টিভিত সম্প্ৰচাৰিত হ’বলগীয়া এখন তথ্যচিত্ৰ “দ্য ৰিয়েল মো ফাৰাহ”ক উদ্দেশ্যি খেলুৱৈগৰাকীয়ে এই কথা কয়।ফাৰাহক বুধবাৰে তেওঁৰ কাহিনী কোৱাৰ বাবে প্ৰশংসা কৰা হৈছিল।
ব্ৰিটেইনৰ শৰণাৰ্থী পৰিষদৰ দাতব্য সংস্থাই টুইট কৰি কয়, “তেওঁৰ হৃদয়বিদারক কাহিনী কোৱাৰ ক্ষেত্ৰত তেওঁৰ সাহসিকতাৰ বাবে আমি তেওঁৰ প্ৰশংসা কৰোঁ।”লগতে তেওঁলোকে কয় ,”তেওঁ তেওঁৰ দৰে বহুতো কাহিনীৰ কেন্দ্ৰত থকা মানৱীয় বাস্তৱতাক ৰেখাঙ্কিত কৰে,” ৷