নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপে হাজাৰ আলোকবছৰতকৈও অধিক দূৰত্বত সূৰ্য্যৰ দৰে নক্ষত্ৰ এটাক প্ৰদক্ষিণ কৰি থকা এটা উষ্ণ, বিশাল গ্ৰহৰ বায়ুমণ্ডলত ডাৱৰ আৰু কুঁৱলীৰ প্ৰমাণৰ লগতে পানীৰ চিন ধৰা পেলাইছে বুলি আমেৰিকাৰ মহাকাশ সংস্থাটোৱে আজি প্ৰকাশ কৰিছে।
নাছাৰ মতে এই পৰ্যবেক্ষণটো বর্তমানলৈকে এই ধৰণৰ আটাইতকৈ বিশদ পৰ্যবেক্ষণ ৷ যিয়ে দূৰৈৰ বায়ুমণ্ডল বিশ্লেষণ কৰাৰ অভূতপূৰ্ব ক্ষমতা প্ৰদৰ্শন কৰিছে। ডব্লিউ এ এছ পি ৯৬-বি হৈছে ক্ষুদ্ৰপথত নিশ্চিত হোৱা ৫,০০০ তকৈ অধিক বহিঃগ্ৰহৰ ভিতৰত অন্যতম।
দক্ষিণ আকাশৰ ফিনিক্স নক্ষত্ৰমণ্ডলত প্ৰায় ১১৫০ আলোকবৰ্ষ দূৰত অৱস্থিত এইটোৱে এনে এক প্ৰকাৰৰ গেছে আৱৰি ৰখা গ্ৰহ ৷ ৫৩৮ ডিগ্ৰী চেলছিয়াছতকৈ অধিক তাপমাত্ৰাৰ বাবে ইয়াৰ উষ্ণতা যথেষ্ট বেছি।
নাছাৰ মতে, ডব্লিউ এ এছ পি ৯৬-বিয়ে ইয়াৰ সূৰ্য্যৰ দৰে নক্ষত্ৰটো অতি ওচৰেৰে প্ৰদক্ষিণ কৰে ৷ যিটো বুধ আৰু সূৰ্য্যৰ মাজৰ দূৰত্বৰ মাত্ৰ এক নৱমাংশ ৷প্ৰতি চাৰে তিনিদিনৰ মূৰে মূৰে গ্ৰহটোৱে প্ৰদক্ষিণ সম্পূৰ্ণ কৰে।
হাবল স্পেচ টেলিস্কোপে বিগত দুটা দশকত অসংখ্য বহিঃগ্ৰহৰ বায়ুমণ্ডল বিশ্লেষণ কৰি ২০১৩ চনত পানীৰ প্ৰথম উপস্থিতি স্পষ্টভাৱে ধৰা পেলাইছে ৷ ২১ জুনত ৱেবৰ নিয়াৰ-ইনফ্ৰাৰেড ইমেজাৰ এণ্ড স্লিটলেছ স্পেকট্ৰ’গ্ৰাফয়ে গ্ৰহটোৰ ওপৰেৰে গতি কৰাৰ সময়ত ৬.৪ ঘণ্টা ধৰি ডব্লিউ এ এছ পি ৯৬ ব্যৱস্থাৰ পৰা পোহৰ জুখিছিল।