ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দুদিন পূৰ্বে বিজেপিৰ সকলো সাংসদক শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ মুৰব্বী জে পি নাড্ডাৰ সৈতে নৈশ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।সকলো সাংসদক শনিবাৰে সন্ধিয়া ৬:৩০ বজাত সংসদৰ প্ৰেক্ষাগৃহত এখন বৈঠকৰ বাবে দিল্লীত উপস্থিত হ’বলৈ কোৱা হৈছে ৷ য’ত তেওঁলোকক ভোটদান প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰা হ’ব। পিছদিনা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সকলো সাংসদ আৰু মন্ত্ৰীক একেধৰণৰ বৈঠকৰ বাবে আহ্বান জনোৱা হৈছে।
বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে মনোনীত কৰিছে দ্ৰৌপদী মুৰ্মুক ৷ আদিবাসী জনগোষ্ঠীৰ পৰা এগৰাকী মহিলা বাছনি কৰাৰ ক্ষেত্ৰত বিজেপিয়ে সমগ্ৰ ৰাজনৈতিক ক্ষেত্ৰত ব্যাপক সমৰ্থন লাভ কৰিছে।শেহতীয়াকৈ বিৰোধী দলৰ সৈতে মিত্ৰতা কৰাৰ পিছতো মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ শিৱসেনাৰ ফৈদেও সমর্থন আগবঢ়াইছে । নিৰ্বাচিত হ’লে মুৰ্মুৱ ৰাষ্ট্ৰপতি হ’বলগীয়া প্ৰথমগৰাকী জনজাতীয় মহিলা হ’ব।
অহা ২৪ জুলাইত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল সমাপ্ত হোৱাৰ সময়তে সোমবাৰে অনুষ্ঠিত হ’ব ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচন। সংসদৰ উভয় সদনৰ নিৰ্বাচিত সদস্য আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল আৰু কেন্দ্ৰীয় শাসিত পুডুচেৰীকে ধৰি সকলো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচিত সদস্যৰে গঠিত নিৰ্বাচনী কলেজৰ সদস্যসকলে ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে।