আজি মৃত্যু ঘটে দক্ষিণ ভাৰতৰ প্ৰখ্যাত অভিনেতা আৰু পৰিচালক প্ৰথাপ পোথেনৰ ৷ চেন্নাইৰ কিলপাউক গাৰ্ডেন ৰোডত অৱস্থিত নিজ বাসগৃহত দেহাৱসান ঘটে প্ৰখ্যাত চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক গৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ।
এজন আৰক্ষী বিষয়াই অভিনেতা গৰাকীৰ মৃত্যু সন্দৰ্ভত কয় যে স্বাস্থ্যজনিত কাৰণত মৃত্যু ঘটে পোথেনৰ । অৱশ্যে এই সন্দৰ্ভত কিলপাউক আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
তিৰুৱন্তপুৰমত জন্মগ্ৰহণ কৰা পোথেনে কেইখনমান চুপাৰ হিট ছবি পৰিচালনা কৰাৰ উপৰিও তামিল, মালায়ালম আৰু তেলেগু ভাষাত ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল
তেওঁৰ অনন্য সংলাপ প্ৰদানৰ বাবে জনাজাত আছিল জ্যেষ্ঠ অভিনেতা-পৰিচালকজন ৷ আনহাতে তেওঁ কেইবাখনো তামিল আৰু মালায়ালম চলচ্চিত্ৰতো অভিনয় কৰিছে যাৰ ভিতৰত আছে কিংবদন্তি কে বালাচন্দৰৰ দ্বাৰা পৰিচালিত ভাৰুমাইয়িন নিৰাম য’ত জনপ্ৰিয় অভিনেতা কমল হাছানেও অভিনয় কৰিছিল ।
পোথেনে কমল হাছান অভিনীত হিট ছবি ভেত্ৰি ভিজাও পৰিচালনা কৰিছিল, যি আছিল তেওঁৰ পৰিচালনা সমূহৰ ভিতৰত অন্যতম।
তামিল ভাষাত তেওঁৰ চলচ্চিত্ৰসমূহৰ ভিতৰত আছে মীন্দম অৰু কথাল কাথাই, মুদুপানি (বালু মহেন্দ্ৰৰ দ্বাৰা পৰিচালিত) , পন্নীৰ পুষ্পাঙ্গল ৷
অভিনেতাজনৰ মৃত্যুত শোক স্তব্ধ হৈ পৰিছে দাক্ষিণাত্যৰ লগতে সমগ্ৰ ভাৰতৰ সাংস্কৃতিক জগত ৷