২০০২ বর্ষত গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘর্ষৰ পাছতে ৰাজ্যখনত নৰেন্দ্ৰ মোদী চৰকাৰৰ পতন ঘটাবলৈ চেষ্টা কৰিছিল কংগ্ৰেছ নেতা আহমেদ পেটেলে ৷ দুবছৰ পূৰ্বে মৃত্যু হোৱা কংগ্ৰেছ নেতা আহমেদ পেটেলে সমাজকৰ্মী তিস্তা ছেতালবাদৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছিল ৷ গুজৰাট আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ অৱশ্যে কংগ্ৰেছ দল আৰু পেটেলৰ পৰিয়ালে এই কথা নস্যাৎ কৰিছে ৷
বিৰোধী কৰ্মী তিস্তা ছেতালবাদৰ জামিন আৱেদনৰ বিৰোধিতা কৰি গুজৰাট আৰক্ষীৰ এটা বিশেষ তদন্তকাৰী দলে আদালতত কয় যে তেওঁ তেতিয়াৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন গুজৰাটৰ বিজেপি চৰকাৰৰ পতন ঘটাবলৈ আহমেদ পেটেলে কৰা “বৃহৎ ষড়যন্ত্ৰ”ৰ অংশ আছিল । অহা সোমবাৰে এই গোচৰৰ পুনৰ শুনানি হ’ব।
কংগ্ৰেছ দলৰ মুৰব্বী ছোনিয়া গান্ধীৰ এসময়ৰ অত্যন্ত ঘনিষ্ঠ পেটেলৰ বিৰুদ্ধে উত্থাপন কৰা এই অভিযোগক নস্যাৎ কৰি কয় যে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত সংঘটিত সাম্প্ৰদায়িক সংঘর্ষৰ গ্লানিৰ পৰা নিজকে মুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে লোৱা পদ্ধতিগত কৌশলৰ এ্যা এক অংশ ৷
আদালতত গুজৰাট আৰক্ষীয়ে কয় -“এই বৃহং ষড়যন্ত্ৰ ৰচনা কৰাৰ সময়ত আবেদনকাৰী (ছেতালবাদ)ৰ ৰাজনৈতিক উদ্দেশ্য আছিল ৷ নিৰ্বাচিত চৰকাৰখনক গাদীচ্যুত কৰি বা অস্থিৰ কৰা নিৰীহ ব্যক্তিক ভুলকৈ অভিযুক্ত কৰিবলৈ চেষ্টা কৰাৰ বাবে প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলৰ পৰা আৰ্থিক আৰু অন্যান্য সুবিধা আৰু পুৰস্কাৰ লাভ কৰিছিল।”
এজন সাক্ষীৰ বক্তব্যৰ উদ্ধৃতি দি অভিযোগ কৰা হৈছে যে আহমেদ পেটেলৰ নিৰ্দেশত এই ষড়যন্ত্ৰ চলোৱা হৈছিল ৷ সংঘর্ষৰ পিছত ছেতালবাদক ৩০ লাখ টকা উপঢৌকন দিছিল ৷
আৰক্ষীয়ে দাবী কৰা মতে সমাজকর্মীজনে দিল্লীত সেই সময়ত ক্ষমতাত থকা এটা দলৰ নেতাসকলক সাক্ষাৎ কৰি বিজেপি চৰকাৰৰ জ্যেষ্ঠ নেতাৰ নাম সংঘর্ষৰ গোচৰত জড়িত কৰিছিল আৰু ৰাজ্যসভাৰ আসনৰ বাবে দাবী জনাইছিল ৷
প্ৰধানমন্ত্ৰী মোডীক জড়িত কৰি তেওঁৰ ভাৱমূর্ত্তি নষ্ট কৰিবলৈ ছোনিয়া গান্ধীয়ে মূল ষড়ষন্ত্ৰ ৰচনা কৰিছিল বুলি বিজেপিয়ে অভিযোগ কৰে। এক সংবাদমেলত মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে, “পেটেল মাথোঁ এটা নাম। এই ষড়যন্ত্ৰৰ চালিকা শক্তি আছিল ছোনিয়া গান্ধী। আমি বিচাৰো ছোনিয়া গান্ধীয়ে এখন সংবাদমেল অনুষ্ঠিত কৰক আৰু দেশক সম্বোধন কৰক যে তেওঁ মোদীৰ বিৰুদ্ধে কিয় ষড়যন্ত্ৰ কৰিছি?।”