দেশৰ পৰৱর্তী ৰাষ্ট্ৰপতি নির্বাচনৰ বাবে আজি অনুষ্ঠিত হয় ভোটগ্ৰহণ ৷ বর্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ কার্যকাল সমাপ্ত হোৱাৰ লগে লগে দেশৰ পৰৱর্তী ৰাষ্ট্ৰপতিয়ে দায়িত্ব গ্ৰহণ কৰিব ৷ আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটদান কৰে। সাংসদসকলেও সংসদত ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটদান কৰিবলৈ শাৰী পাতি থকা পৰিলক্ষিত হয় । শাৰিৰীকভাৱে অসুস্থ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ হুইল চেয়াৰত আহি ভোটদান কৰে ৷ সাংসদসকলৰ লগতে বিধায়কসকলেও বিধানসভাৰ পৰা ৰাষ্ট্ৰপতি নির্বাচন কৰিবলৈ ভোটদান কৰে ৷
উল্লেখ্য যে এন ডি এ সমর্থিত প্ৰার্থী দ্ৰৌপদী মুর্মু আৰু বিৰোধী দলসমূহৰ সমর্থিত প্ৰার্থী যশৱন্ত সিনহাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ অৱশ্যে এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে সহজ জয়ৰ দিশে আগবাঢ়িছে ৷ ইয়াৰ লগে লগে তেওঁ দেশৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ’ব। ৬৪ বছৰ বয়সতে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ এতিয়ালৈকে আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰপতি হ’বলৈও সাজু হৈছে। কেইবাটাও আঞ্চলিক দলেও তেওঁৰ প্ৰাৰ্থীত্বৰ প্ৰতি সমৰ্থন জনোৱাৰ বাবে মুৰ্মুৱে মুঠ ভোটৰ প্ৰায় ৬২ শতাংশ লাভ কৰাৰ সম্ভাৱনা আছে।
ভোটগণনা অহা ২১ জুলাইত সম্পন্ন হ’ব ৷ ২৫ জুলাইত নতুন ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিব। মনোনীত সংসদৰ সদস্য, ৰাজ্যিক বিধানসভা আৰু বিধান পৰিষদৰ সদস্যসকল ভোটদানৰ যোগ্য নহয়। ৰাষ্ট্ৰপতি নিৰ্বাচনত মুঠ ৭৭৬ জন সংসদ সদস্য আৰু ৪০৩৩ জন বিধায়কে ভোটদান কৰিব। আজি ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ৬ আগষ্টত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন।