অহা বছৰৰ জানুৱাৰী মাহত আৰম্ভ হ’বলগীয়া নতুন দক্ষিণ আফ্ৰিকান টি-২০ লীগৰ ছটা দল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰীসকলেই ক্ৰয় কৰিছে। ৬ টা ফ্ৰেঞ্চাইজিৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড, আৰ পি এছ জি স্প’ৰ্টছ প্ৰাইভেট লিমিটেড, ছান টিভি নেটৱৰ্ক লিমিটেড, চেন্নাই ছুপাৰ কিংছ ক্ৰিকেট লিমিটেড, ৰয়েলছ স্প’ৰ্টছ গ্ৰুপ আৰু জে এছ ডব্লিউ স্প’ৰ্টছ নিবিদাত জয়ী হয়। ৰিলায়েন্স হৈছে মুম্বাই ইণ্ডিয়ানছৰ মালিক ৷ আনহাতে আৰ পি এছ জিৰ অধীনস্থ দল হৈছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। ক্ৰিকেট দক্ষিণ আফ্ৰিকাই প্ৰকাশ কৰা অনুসৰি যোৱা কেইমাহমানৰ পৰা এক দীঘলীয়া প্ৰক্ৰিয়াৰ অন্তত দক্ষিণ আফ্ৰিকাৰ টি-২০ লীগৰ ছয় ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰী নিশ্চিত কৰা হৈছে।
ৰিলায়েন্সে ক্ৰয় কৰা ফ্ৰেঞ্চাইজিৰ স্থান হ’ব কেপ টাউনৰ নিউলেণ্ডছ ৷ ইপিনে ডাৰবানৰ কিংছমিডৰ ওপৰত ভিত্তি কৰি আৰ পি এছ জিয়ে ফ্ৰেঞ্চাইজি ক্ৰয় কৰিছে।সেইদৰে ছান টিভি নেটৱৰ্কৰ ফ্ৰেঞ্চাইজিৰ স্থান হৈছে ছেইণ্ট জৰ্জ পাৰ্ক ৷ আনহাতে চেন্নাই ছুপাৰ কিংছৰ মালিকানাধীন দলটোৱে জোহান্সবাৰ্গৰ ৱাণ্ডাৰাৰ্ছৰ হৈ খেলিব ৷ পাৰ্লৰ ব’লেণ্ড পাৰ্কত ৰয়েলছ স্প’ৰ্টছ গ্ৰুপে ক্ৰয় কৰা দলটো থাকিব ৷প্ৰিট’ৰিয়াৰ ছুপাৰস্প’ৰ্ট পাৰ্কক জে এছ ডব্লিউ গ্ৰুপৰ দলে প্ৰতিনিধিত্ব কৰিব ৷
লীগৰ কমিছনাৰ গ্ৰেম স্মিথে কয় -“২০২৩ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া দক্ষিণ আফ্ৰিকান লীগলৈ আমাৰ নতুন ফ্ৰেঞ্চাইজি মালিকসকলক আদৰণি জনাইছো ৷ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ বাবে এইটো সঁচাকৈয়ে এক ৰোমাঞ্চকৰ সময় ৷ এই লীগৰ প্ৰতি প্ৰদর্শন কৰা অতিশয় আগ্ৰহে প্ৰমাণ কৰিছে যে ক্ৰিকেট বিশ্বত দেশখনৰ মূল্য অব্যাহত আছে।”