বুধবাৰে ‘এপ’ল’ ১১চন্দ্ৰ অৱতৰণ’ৰ ৫৩ তম বাৰ্ষিকীত, নাছাই এই কথা ঘোষণা কৰিছে যে আগষ্টৰ শেষৰ ফালে বিশাল, নতুন চন্দ্ৰ ৰকেট উৎক্ষেপণ কৰিবৰ বাবে ইতিমধ্যে তেওঁলোকে যো-জা চলাইছে ।২৯ আগষ্টৰ আগতে নাছাই কোনো মহাকাশচাৰী নোহোৱাকৈ তিনিটা পুতলাৰ সৈতে এমাহতকৈও অধিক সময়ৰ বাবে এই পৰীক্ষামূলক উৰণৰ চেষ্টা কৰিব ।
নাছাৰ জিম ফ্ৰীয়ে উল্লেখ কৰিছিল যে, পৰীক্ষামূলক উৰণ “চন্দ্ৰলৈ ঘূৰি যাবলৈ আমাৰ আৰ্টেমিছ কাৰ্যসূচী” আৰম্ভ হয়। উল্লেখ্য যে , গ্ৰীক পৌৰাণিক কাহিনীৰ এপ’ল’ৰ যমজ ভগ্নী ‘আৰ্টেমিছ’ৰ নামেৰে ৰখা হৈছে মহাকাশ সংস্থাটোৰ নতুন চন্দ্ৰ কাৰ্যসূচীৰ নাম।
নাছাৰ বিষয়াসকলে বুধবাৰে সাংবাদিকসকলক আশ্বাস দিছিল যে ইতিমধ্যে পূৰ্বৰ সমস্যাবোৰ সমাধান কৰা হৈছে আৰু পৰীক্ষা নীৰিক্ষা সমূহ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অৱশ্যে ফ্লৰিডাৰ অস্থিৰ বতৰ আৰু ১৮ আগষ্টত ৰকেটটো পেডলৈ ঘূৰি অহাৰ আগতে উদ্ভৱ হ’ব পৰা সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি উৎক্ষেপণৰ তাৰিখ পিছুৱাব পাৰে বুলি তেওঁলোকে সতৰ্ক কৰি দিছে ।
৩২২ ফুট (৯৮ মিটাৰ)উচ্চতাৰ এই ৰকেট আৰু অৰিয়ন কেপচুল ষ্টেচু অফ লিবাৰ্টিতকৈ ওখ।বিজ্ঞানী সকলে জনোৱা অনুসৰি যদি অৰিয়নৰ এই চন্দ্ৰ অভিযান সফল হয় তেন্তে মহাকাশচাৰীসকল ২০২৩ চনত চন্দ্ৰলুপ-এৰাউণ্ডৰ বাবে জাহাজত উঠিব পাৰিব আৰু ২০২৫ চনত তেওঁলোকে অৱতৰণ কৰিব পাৰিব চন্দ্ৰত।
মহাকাশচাৰীসকলে শেষবাৰৰ বাবে ১৯৭২ চনত চন্দ্ৰ অন্বেষণ কৰিছিল। ১২ জন মুনৱাকাৰৰ ভিতৰত প্ৰথম নীল আৰ্মষ্ট্ৰং আৰু এল্ড্ৰিনে ১৯৬৯ চনৰ ২০ জুলাইত চন্দ্ৰৰ ধূলিময় ধূসৰ পৃষ্ঠত ভৰি দিছিল, আনহাতে মাইকেল কলিন্সে প্ৰদক্ষিণ কৰিছিল চন্দ্ৰক।
তিনিওজনৰ ভিতৰত বৰ্তমান একমাত্ৰ জীৱিত অৱস্থাত থকা ৯২ বছৰীয়া এল্ড্ৰিনে এটা টুইটযোগে বাৰ্ষিকীটো উল্লেখ কৰে যে ,নীল, মাইকেল আৰু তেওঁ আমেৰিকাক প্ৰতিনিধিত্ব কৰি গৌৰৱান্বিত হৈছিল ৷ যিহেতু তেওঁলোকে সমগ্ৰ মানৱজাতিৰ বাবেই কিবা এটা মহৎ কাম কৰিছিল । তেওঁৰ মতে এইটো এনে এটা মুহূৰ্ত আছিল যিয়ে বিশ্ব আৰু আমেৰিকাৰ সৰ্বশ্ৰেষ্ঠ সময়ক একত্ৰিত কৰিছিল।