অৰেগনৰ ইউজিনিত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পুৰুষৰ জেভেলিন থ্ৰ’ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই ৷ প্ৰথমটো প্ৰচেষ্টাতে তেওঁ ৮৮.৩৯ মিটাৰ দৈৰ্ঘ্য জেভলিন থ্ৰ’ কৰি এই যোগ্যতা অর্জন কৰে । অলিম্পিক চেম্পিয়নগৰাকীয়ে কোৱালিফিকেচন ৰাউণ্ডত প্ৰথমটো থ্ৰ’ৰে ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। দেওবাৰে পুৱা অনুষ্ঠিত হ’বলগীয়া ফাইনেলত তেওঁ অংশগ্ৰহণ কৰিব। বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে জেভেলিন থ্ৰ’ত অটোমেটিক কোৱালিফায়িং মাৰ্ক আছিল ৮৩.৫০ মিটাৰ। নীৰজ চোপ্ৰাৰ থ্ৰ’ গ্ৰুপ এত সৰ্বোত্তম আছিল ৷ কেৱল গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছেহে ৮৯.৯১ মিটাৰ থ্ৰ’ৰে নীৰজক অতিক্ৰম কৰে ৷
কোৱালিফায়িং ৰাউণ্ডৰ পিছত চোপ্ৰাই কয়, ‘এয়া যথেষ্ট ভাল আৰম্ভণি । ফাইনেলত মই মোৰ ১০০ শতাংশ উজাৰি দিম। আমি চাম। প্ৰতিটো দিনৰ কথা সুকীয়া সুকীয়া । মই মোৰ শ্ৰেষ্ঠত্ব দিম। কোনো এটা দিনত কোনে কিমান দূৰলৈ নিক্ষেপ কৰিব পাৰে সেয়া কোৱাটো কঠিন ৷ “
উল্লেখ্য যে এণ্ডাৰছন পিটাৰ্ছে এই ছিজনত নিজৰ ব্যক্তিগত শ্ৰেষ্ঠ ৯৩.০৭ মিটাৰ থ্ৰ’ কৰাৰ বিপৰীতে জুলিয়ান ৱেবাৰেও এই বছৰ ৮৯.৫৪ মিটাৰ থ্ৰ’ কৰি শ্ৰেষ্ঠত্ব অর্জন কৰিছে ৷ ৮০.৪২ৰ বেষ্ট থ্ৰ’ৰে ভাৰতৰ ৰোহিত যাদৱেও ফাইনেললৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ কিয়নো তেওঁ কোৱালিফায়িঙত ১১ নম্বৰ স্থান দখল কৰে।