বৰ্তমান সময়ত অসমৰ ক্ৰীড়াবীদ সকল ব্যস্ত আছে ২০২২বৰ্ষৰ অসম যুৱ অলিম্পিকত ৷২৩ৰ পৰা ২৭জুলাইলৈ গুৱাহাটীত অনুষ্ঠিত হোৱা অসম যুৱ অলিম্পিকত অংশগ্ৰহণ কৰিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বহু খেলুৱৈয়ে ৷ কিন্তু এই আনন্দোল্লাসৰ মাজতে এক দু খবৰে ক্ৰীড়া প্ৰেমী সকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আজি পুৱা এক পথ দুৰ্ঘটনাত অসম যুৱ অলিম্পিকত অংশগ্ৰহণ কৰা এজন চাইকেল আৰোহী আহত হোৱাৰ খবৰে ক্ৰীড়া জগতত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
জানিবপৰা মতে সোনাপুৰৰ ওচৰত চাইকেল চলোৱা পথত চাইকেল আৰোহীজনক এখন মটৰচাইকেলে খুন্দা মৰাৰ ফলত আহত হয় চাইকেল আৰোহী গৰাকী ৷ আঘাতপ্ৰাপ্ত চাইকেল আৰোহীজনক দিগন্ত দাস বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে তেওঁক ততাতৈয়াকৈ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ (জিএমচিএইচ) প্ৰেৰণ কৰা হৈছে।