আজি জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ ওপজা দিন । ১৯৫২ চনৰ আজিৰ দিনটোতে শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিচাত তেওঁৰ জন্ম । ৰঞ্জু হাজৰিকা তেওঁৰ পোছাকী নাম । তেওঁৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা । তেওঁ মোনাবাৰী চাহ বাগিচাতে গাণনিক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলি পিছলৈ এছ এছ বি আৰু বালিপৰা চাহ বাগিচাকে ধৰি আন দুখন চাহ বাগিচাত চাকৰি কৰে । তেওঁৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পূৰ্বে লিখি উলিওৱা ‘বহুৰূপী’ নামৰ প্ৰথম উপন্যাসখন ১৯৭৩ চনত প্ৰকাশ পায় । ১৯৮২ চনত তেওঁ ‘ত্ৰিশূল’ আলোচনীৰ সম্পাদকৰ দায়িত্ব লয় । তাৰ পিছত ক্ৰমে সংকেত, কণ কণ (শিশু-আলোচনী), হিয়া, তাল আৰু কাৰেং আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে । তেওঁ ইতিমধ্যে কল্প-বিজ্ঞান, ভৌতিক, থ্ৰীলাৰ আদি সাহিত্যৰে জনপ্ৰিয় হৈছে । বৰ্তমানলৈ তেওঁৰ ৭৫০খনৰো অধিক গ্ৰন্থ প্ৰকাশ পাইছে । জুলু, এটা দ্বীপ সাতটা কবৰ, উত্তৰ ফাল্গুনী, ভূত বঙলা আদি জনপ্ৰিয় গ্ৰন্থ । ইতিমধ্যে তেওঁ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছে । বিশিষ্ট ৰহস্য সাহিত্যিকগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।