দেহৰ যিকোনো ঠাইত আঘাত লাগি ফুলি উঠিলে আৰু বিষ হ’লে
১) ভোমোৰা ফুলৰ বাকলি পিহি আঘাত লগা স্থানত লগাব লাগে।
২) এক চামুচ কেঁচা হালধিৰ ৰস গৰম গাখীৰ একাপৰ লগত খাব লাগে।
৩) কেঁচা হালধিৰ ৰস ২ চামুচ , ৪ চামুচ আটা , এক চামুচ খাঁটি ঘিউ , আধা চামুচ নিমখ আৰু অলপ পানী দি ভালদৰে মিহলাই দুখ পোৱা ঠাইত লগাব লাগে।
শিৰা সংকোচন হ’লে-
১) ভেদাইলতাৰ ৰস , তিল তেলৰ লগত মিহলাই শিৰা সংকোচন হোৱা স্থানত সানিলে বিষ নাইকীয়া হয়।
দেহৰ ভিতৰত কেনেবাকৈ দুখ পালে-
১) ২ গ্ৰাম ফিটকিৰি আধা লিটাৰ গৰুৰ গাখীৰত মিশ্ৰণ কৰি খালে ভাল হয়।
পেটত চৰ্বি জমা হ’লে-
১) পেটত চৰ্বি জমা হ’লে এৰা গছৰ শিপাৰ ৰস ১০ মিঃলিঃ দিনে দুইবাৰকৈ খাব লাগে নাইবা এনে শিপা তামোলৰ লগত চোবাই তাৰ ৰস খাব লাগে।
আদ কপালি অৰ্থাৎ কপালৰ এটা চাইদে কামোৰিলে বা বিষ হ’লে-( চকু আৰু নাকত বিষ হয়)
১) অপৰাজিতাৰ ফুল , পাত আৰু শিপা সমপৰিমাণৰ লৈ তাক খুন্দি ৰস খালে আদ কপালি ৰোগ ভাল হয়।
বিছাই ডাকিলে-
১) লাই জাবৰি এমুঠি খুন্দি তাৰ ৰস লগালে তৎক্ষণাত বিছাৰ নোম ওলায় । আকৌ যদি বিছা কিবা প্ৰকাৰে শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিলে লাইজাবৰিৰ ৰস চাৰি ভাগৰ এভাগ খুৱালে বিছা বাহিৰ হয়।
কাঁইট সোমালে-
১) শৰীৰৰ কোনো অংশত কাঁইট সোমালে সহজে উলিয়াবৰ কাৰণে পাতেগজা পাত এখন পিহি কাঁইট সোমোৱা ঠাইত প্ৰলেপ দিব লাগে।