আজি উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত ডবল ডেকাৰ বাছৰ সংঘৰ্ষত শোকাবহভাৱে আঠজন লোকৰ মৃত্যু হয় আৰু প্ৰায় ২০ জনলোক আহত হয়। আনহাতে তিনিজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ আহতসকলক ইতিমধ্যে চিএইচচি হায়দৰগড় কমিউনিটি হেল্থ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে আৰু গুৰুতৰভাৱে আহত তিনিজনক চিকিৎসাৰ বাবে লক্ষ্ণৌৰ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে।
লক্ষ্ণৌৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত বাৰাবাঁকী জিলাত এই সংঘৰ্ষ সংঘটিত হয়।জানিবপৰা মতে বিহাৰৰ পৰা দিল্লী অভিমুখী আছিল দুয়োখন বাছ।
এজন বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি বিহাৰৰ সীতামাঢ়ীৰ পৰা অহা বাছখনে নৰেন্দ্ৰপুৰ মাদ্ৰাহা গাঁৱৰ ওচৰত পিছফালৰ পৰা ৰৈ থকা বাছখনত খুন্দা মাৰে। দুয়োখন বাছ বিহাৰৰ সীতামাঢ়ী আৰু সুপলৰ পৰা দিল্লীলৈ গৈ আছিল। অৱশ্যে দুৰ্ঘটনা সংঘটিত হাৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল ৷
উক্ত ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰি দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰত টুইট কৰি কয় যে পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ খবৰ অতি দুখজনক। তেওঁলোকৰ দ্ৰুত সাহাৰ্য্য আৰু উদ্ধাৰ অভিযান আৰু আহতসকলৰ সঠিক চিকিৎসাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা দিয়া হৈছে ।
#WATCH | Accident at Purvanchal expressway near Barabanki in UP leaves 6 persons dead & 18 injured after a speeding double-decker bus collided with a stationary one. 3, reported to be critical, referred to trauma centre in Lucknow. Buses were en route from Bihar to Delhi pic.twitter.com/RUELIchJh9
— ANI UP/Uttarakhand (@ANINewsUP) July 25, 2022