ৰাজস্থানৰ কোটা জিলাৰ আপনা ঘৰ আশ্ৰমত বিষক্ৰিয়াৰ ফলত ইতিমধ্যে তিনিটা শিশুৰ মৃত্যু হৈছে। প্ৰাথমিক তথ্য অনুসৰি আশ্ৰমখনত খাদ্য আৰু খোৱা পানীত বিষক্ৰিয়া হোৱাৰ খবৰ পোৱা গৈছে।
ৰাজস্থানৰ কোটা জিলাৰ ‘আপনা ঘৰ’ আশ্ৰমত সংঘটিত হৈছে এক শোকাবহ ঘটনা ৷আশ্ৰমখনত খাদ্য আৰু খোৱাপানীত হোৱা বিষক্ৰিয়াৰ ফলত কেইবাজনো শিশু মৃত্যুমুখত পৰাৰ লগতে বহুতকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, ‘আপনা ঘৰ’ আশ্ৰমত বিষক্ৰিয়াৰ ফলত ইতিমধ্যে মৃত্যু হৈছে ৩টাকৈ শিশুৰ। তথ্য অনুসৰি, দূষিত খাদ্য আৰু খোৱা পানীত বিষক্ৰিয়া হোৱাৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটোৰ পিছত ভূক্তভোগীসকলক এম্বুলেন্সেৰে এম.বি.এছ. চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় য’ত ৩ টি শিশুৰ মৃত্যু ঘটে। আনহাতে আশ্ৰমত উপস্থিত থকা ২৭০ জন লোকৰ ইতিমধ্যে নমুনা লোৱা হৈছে। বৰ্তমানলৈকে ১৫ জনৰো অধিক লোক অসুস্থ হৈ পৰিছে আৰু তেওঁলোকক এম.বি.এছ. চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ঘটনাৰ পিছতে কোটা জিলাৰ জিলা উপায়ুক্ত ওমপ্ৰকাশ ৱিভাৰ আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ অনুসন্ধান কৰে। উপায়ুক্ত ওমপ্ৰকাশ ৱিভাৰে কয় যে বোৰৱেলৰ পানী খোৱাৰ ফলত এই বিষক্ৰিয়াৰ বিষয়টো সন্মুখলৈ আহিছে।
আনহাতে সংগ্ৰাহকৰ নিৰ্দেশনা অনুসৰি ইতিমধ্যে আশ্ৰমৰ পৰা খাদ্য আৰু খোৱা পানীৰ নমুনা লোৱা হৈছে আৰু পৰীক্ষা কৰা হৈছে।জানিবপৰা মতে ‘আপনা ঘৰ’নামৰ এই আশ্ৰম মনোজ জৈনৰ ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত ।
উল্লেখযোগ্য যে ৰাজ্যখনৰ মন্ত্ৰী শান্তি ধাৰিৱালে ৩ শিশুৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিষয়াসকলক সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।