আজি বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী ঔপন্যাসিক, গল্পকাৰ আৰু অনুবাদক । তেওঁৰ ‘নামঘৰীয়া’ নামৰ জনপ্ৰিয় উপন্যাসখন এসময়ত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ যোগে ধাৰাবাহিক হিচাপে সম্প্ৰচাৰিত হৈছিল । এই উপন্যাসখন ইংৰাজী, বাংলা আৰু উড়িয়া ভাষালৈ অনূদিত হৈছিল । এই উপন্যাসখনৰ বাবে তেওঁ অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটাও লাভ কৰে । ‘চেনেহজৰীৰ গাঁথি’ নামৰ গ্ৰন্থখনৰ বাবে ২০০৬ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । তেওঁৰ ‘বলিয়া হাতী’ নামৰ গল্প এটাৰ বাবে কথা বঁটা লাভ কৰে । ২০১৩ চনত তেওঁ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে । হামদৈপুলৰ জোন, ৰাজপাট, পলাতক আদি অসমীয়া গ্ৰন্থৰ উপৰি নিগ্ৰো কাপল ইন ছাৰ্চ অব শিৱ তেওঁৰ ইংৰাজী গল্প সংকলন । তদুপৰি গুডবাই মিষ্টাৰ ছিপছ, পিতাপুত্ৰ, একৈশটা বঙালী গল্প তেওঁৰ অনূদিত গ্ৰন্থ । ২০২২ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে ।এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিশিষ্ট বিজ্ঞানী এপিজে আব্দুল কালামৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নামটো আছিল আভুল পাকিৰ জয়নুলাবেদিন আব্দুল কালাম । তেওঁ আছিল ভাৰতৰ একাদশগৰাকী ৰাষ্ট্ৰপতি । তদুপৰি তেওঁ চাৰিটা দশকজুৰি ডিআৰডিঅ’ আৰু ইছৰ’ত বিজ্ঞানী হিচাপে সেৱা আগবঢ়াইছিল । বেলিষ্টিক মিছাইল আৰু মহাকাশযাশবাহী ৰকেট বিকশাই তোলাৰ কৃতিত্বৰ বাবে তেওঁ মিছাইল মেন অব ইণ্ডিয়া নামেৰে জনাজাত । ১৯৯৮ চনত পোখৰান-২ পাৰমাণৱিক বোমা পৰীক্ষাৰ ক্ষেত্ৰতো তেওঁৰ বিশেষ ভূমিকা আছিল । উইংছ অব ফায়াৰ, ইগনেটেড মাইণ্ড আদি তেওঁৰ জনপ্ৰিয় গ্ৰন্থ । তেওঁ অনেক সন্মানীয় পুৰস্কাৰ লাভ কৰাৰ উপৰি ভাৰত চৰকাৰে ১৯৯৭ চনত তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰে । ২০১৫ চনৰ আজিৰ দিনটোতে শ্বিলঙত তেওঁৰ দেহাৱসান ঘটে । এই মহান ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।