গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কালি নিশা প্ৰায় ১.৩০বজাত দেহাৱসান ঘটে প্ৰাক্তন মন্ত্ৰী ডা০ অৰ্ধেন্দু কুমাৰ দে’ৰ ৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪বছৰ ৷ আজি হোজাইলৈ লৈ যোৱা হ’ব দে’ৰ মৃতদেহ ৷
ক’লকাতাৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰিছিল প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷আনহাতে কংগ্ৰেছৰ এগৰাকী আগশাৰীৰ নেতা আছিল অৰ্ধেন্দু দে’ ৷ ১৯৯১চনৰ পৰা ২০২১ চনলৈকে দলটোৰ হৈ বহু কাৰ্যত নেতৃত্ব দিছিল তেওঁ ৷ আনহাতে ১৯৯১চনৰ পৰা ২০০৬চনলৈকে তেওঁ হোজাইৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু পুনৰ ২০১১চনৰ পৰা ২০১৬চনলৈ হোজাইৰ বিধায়ক হিচাপে ৰাইজে নিৰ্বাচন কৰিছিল কংগ্ৰেছী নেতাগৰাকীক ৷কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনত যোগান আৰু জলসিঞ্চন মন্ত্ৰী আছিল ডা০ অৰ্ধেন্দু কুমাৰ দে’ ৷
অৱশ্যে ২০২১ চনত অৰ্ধেন্দু কুমাৰ দে’ নামৰ কংগ্ৰেছৰ এই জ্যষ্ঠ নেতা গৰাকীয়ে বিজেপিত যোগদান কৰিছিল ৷ দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হোৱা নেতা গৰাকীৰ ৮৪বছৰ বয়সত কালি নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত দেহাৱসান ঘটে ৷