আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সৌজন্যতামূলক সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৷ তদুপৰি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰে ৷ ।গৃহমন্ত্ৰী অমিত শ্বাহৰ পাছতে স্মৃতি ইৰাণীয়ে মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী মহেন্দ্ৰ মুঞ্জপাৰা আৰু সংখ্যালঘু পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী জন বৰলাৰ সৈতে মুর্মুক সাক্ষাৎ কৰে ৷ ।
কালি কেবিনেট মন্ত্ৰী কিৰেণ ৰিজিজু আৰু এছ পি সিং বাঘেলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে। ইয়াৰ পূর্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰীসকলৰ উপৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে তেওঁক সাক্ষাৎ কৰে।প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলেও কন্যাৰ সৈতে আি মুর্মুক সাক্ষাৎ কৰে ৷
উল্লেখ্য যে ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন বিজেপি নেতা দ্ৰৌপদী মুৰ্মুৱে ২৫ জুলাইত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ৷ তেওঁ হৈছে প্ৰথম জনজাতীয় ব্যক্তি আৰু সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা দ্বিতীয়গৰাকী মহিলা হিচাপে ৷
কেন্দ্ৰীয় মন্ত্ৰীসকলৰ উপৰি বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকলেও তেওঁক কৰে ৷ ইয়াৰ ভিতৰত তেওঁৰ গৃহ ৰাজ্য ওড়িশাৰ ৰাজ্যপাল গণেশী লালও আছিল। দায়িত্ব গ্ৰহণৰ এদিন পাছতে তেওঁক সাক্ষাৎ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।