১) ফোঁহা হ’লে পাণৰ কোমল পাতত অলপ গৰুৰ ঘিউ লগাই বান্ধি দিলে ফোঁহা পকি পূঁজ ওলাই শুকাই যায়।
২) বেচু উপশম কৰিবলৈ চন্দন তেলৰ লগত অলপ নেমু টেঙাৰ ৰস মিহলি কৰি বেচু হোৱাৰ ঠাইত লেপন কৰিব লাগে।
৩) ভৰিৰ গেৰোৱা যদি ফাটি যায় তেনেহ’লে নেমু টেঙা এটা ফালি ফটা ঠাইত কিছুসময় ঘহিলে ভাল হয়।
৪) গাৰ পৰা দুৰ্গন্ধ ওলালে নেমুৰ পাত পিহি শৰীৰত সানিলে গাৰ পৰা ওলোৱা দুৰ্গন্ধ নাইকীয়া হয়।
৫) মুখৰ দুৰ্গন্ধ নোহোৱা কৰিবৰ বাবে নেমুৰ ৰসত সামান্য নিমখ মিহলি কৰি মুখ কুলকুলিয়াব লাগে।
৬) কোষ্ঠকাঠিন্যত ভুগিলে ৰাতিপুৱা খালি পেটত নেমুটেঙাৰ ৰস কুহুমীয়া পানীৰ লগত খালে কোষ্ঠকাঠিন্য ৰোগ ভাল হয়।
৭) পাচন শক্তি বৃদ্ধি কৰিবৰ বাবে ২ চামুচ আমলখিৰ গুড়া ১ কাপ গাখীৰত মিহলাই দিনে ২ বাৰকৈ খাব লাগে।
৮) গৰম দিনত ঘামচি ওলালে গোল নেমু এটা ফালি ছালত সানিলে ঘামচি নাইকীয়া হয়।
৯) জ্বৰত মুখত শুং ওলালে তিতা ভেকুৰি ২/৩ টা পানীত ধুই ভালদৰে পিহি লগালে ভাল হয়।
১০) কাণৰ বিষত কলীয়া তুলসীৰ পাতৰ ৰস ২ টোপালকৈ দিনে ২ বাৰকৈ দিলে বিষ কমে।