যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হোৱা এজন অপৰাধীক সন্তান জন্ম দিবলৈ পোন্ধৰ দিনৰ পেৰ’ল প্ৰদানৰ অনুমতি প্ৰদান কৰি ৰাজস্থান উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ উচ্চ ন্যায়ালয়ৰ ৰায়ক বিগত মাহত উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল ৰাজস্থান চৰকাৰে। ৰাজ্য চৰকাৰে আবেদনত দাবী কৰিছিল যে এই নিৰ্দেশৰ পাছতে বহু দোষীয়ে একেটা ভিত্তিতে পেৰ’লৰ বাবে আবেদন দাখিল কৰিছে। উচ্চতম ন্যায়ালয়ে আজি ৰাজস্থান চৰকাৰক এই বিষয়টোত উদ্বেগ প্ৰকাশ কৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নির্দেশ দিয়ে ৷ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠে কয় যে যদি আন কোনো দোষীয়ে একেটা ভিত্তিতে পেৰল বিচাৰে আৰু ৰাজস্থান চৰকাৰৰ আপত্তি থাকে তেন্তে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰে।
যোৱা ১৮ এপ্ৰিলত ৰাজস্থান উচ্চ ন্যায়ালয়ে নন্দ লাল নামৰ অপৰাধীজনক পেৰ’ল দিছিল ৷ তেওঁ বর্তমান আজমীৰ কেন্দ্ৰীয় কাৰাগাৰত আছে ৷ তেওঁৰ পত্নীয়ে সন্তান জন্ম দিবলৈ অনুমতি বিচাৰি আদালতৰ কাষ চাপিছিল, । তেওঁৰ স্বামীক পেৰ’ল প্ৰদান কৰিবলৈ মহিলা গৰাকীয়ে আহ্বান জনাইছিল ৷ মহিলাগৰাকীয়ে আবেদনত কয় যে তেওঁ কোনো অপৰাধ কৰা নাই আৰু কোনো শাস্তিও দিয়া হোৱা নাই , তৎসত্বেও তেওঁক সন্তানৰ সুখ লাভ কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ে নন্দ লালক পেৰল প্ৰদান কৰে ৷