চলিত বৰ্ষৰ ২ অক্টোবৰৰ পৰা জনতা ভৱন অৰ্থাৎ অসম সচিবালয়ক কাগজবিহীন কৰি তুলিবলৈ ৫ আগষ্টৰ পৰা আৰম্ভ হ’ব ফাইল নিষ্পত্তি প্ৰক্ৰিয়া। আজি গুৱাহাটীৰ জুৰিপাৰৰ জিয়াজুৰী ভৱনত বিজেপিৰ ১৭১ সংখ্যক বুথ কমিটিৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ কাৰ্যসূচীৰ কথা শুনাৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন বিষয় সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
উল্লেখ্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে ১ আগষ্টত ‘ভূমিপুত্ৰ মিছন’ নামৰ এটা পৰ্টেল উদ্বোধন কৰিব। এই পৰ্টেলৰ জৰিয়তে প্ৰাৰ্থীসকলৰ দ্বাৰা অনলাইন আবেদন কৰাৰ এমাহৰ ভিতৰত চৰকাৰে অনলাইনযোগে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ’বিচিৰ প্ৰমাণপত্ৰ জাৰী কৰিব। আনহাতে ৰাজ্যখনৰ জিলা উপায়ুক্তসকল ১ আগষ্টৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ বিদ্যালয় সমূহলৈ যাব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ ৰাজ্য চৰকাৰে ৫ আগষ্টত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকী ‘জনকল্যাণ দিৱস’ হিচাপে পালন কৰিব। এই দিনটোৰ উদ্দেশ্য হ’ব সৎ কৰ্মচাৰীসকলক পুৰষ্কাৰেৰে সন্মান জনোৱাৰ লগতে তেওঁলোকৰ সেৱাৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰা। প্ৰতিখন জিলাৰ তিনিজন বিষয়া আৰু ৰাজ্যিক পৰ্যায়ৰ কাৰ্যালয়ৰ দহজন বিষয়াই এই বিৰল সন্মান লাভ কৰিব।
আন এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি তেওঁ কয় যে ২০২২ চনৰ ২ অক্টোবৰৰ পৰা জনতা ভৱনক কাগজবিহীন হিচাপে পৰিৱৰ্তিত কৰাৰ অভিযানক বাস্তৱত পৰিণত কৰাৰ বাবে ৫ আগষ্টৰ পৰা ৰাজ্যিক সচিবালয়ত ফাইল নিস্পত্তিকৰণৰ কাম আৰম্ভ হ’ব ৷
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক কাৰ্যালয়ৰ ফাইলসমূহক তেওঁলোকৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি এ, বি, চি আৰু ডি শ্ৰেণীত শ্ৰেণীবদ্ধ কৰিবলৈ নিৰ্দেশ দিছে। এ শ্ৰেণীত বৰ্তমানৰ ফাইলবোৰ অন্তৰ্ভুক্ত হ’ব যাৰ সংখ্যা প্ৰায় ৪৮,০০০তকৈও অধিক। আনহাতে শ্ৰেণী বি আৰু চি-ত পুৰণি ফাইল সমূহ থাকিব ১২ বছৰৰ পিছত যিবোৰৰ নিষ্কাষণৰ বাবে নিৰ্দিষ্ট ঠাই আৰু পেকিঙৰ প্ৰয়োজন ৷ আনহাতে ডি শ্ৰেণীৰ ফাইলবোৰ অতি পুৰণি। মুঠতে, ৰাজ্যিক সচিবালয়ত প্ৰায় দুই লাখ ফাইল আছে যাক অতি শীঘ্ৰেই নিষ্পত্তি কৰা হ’ব।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে ২ অক্টোবৰৰ পৰা জনতা ভৱনে কোনো ধৰণৰ আবেদন আৰু স্মাৰকপত্ৰৰ হাৰ্ড কপি লাভ নকৰিব। আবেদনকাৰীসকলে অনলাইনত আবেদন দাখিল কৰিব লাগিব। আনহাতে তেওঁলোকে তেওঁলোকৰ ফাইলবোৰৰো অনলাইনত চলাচল অনুসৰণ কৰিব পাৰিব।