VOICE 24x7
Thursday, August 18, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২ অক্টোবৰৰ পৰা কেনেকৈ কাগজবিহীন হ’ব অসম সচিবালয় ?

৫ আগষ্টৰ পৰা ৰাজ্যিক সচিবালয়ত আৰম্ভ ফাইল নিষ্পত্তি প্ৰক্ৰিয়া

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 1, 2022
in মুখ্য সংবাদ
২ অক্টোবৰৰ পৰা কেনেকৈ কাগজবিহীন হ’ব অসম সচিবালয় ?
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ ২ অক্টোবৰৰ পৰা জনতা ভৱন  অৰ্থাৎ অসম সচিবালয়ক কাগজবিহীন কৰি তুলিবলৈ ৫ আগষ্টৰ পৰা আৰম্ভ হ’ব ফাইল নিষ্পত্তি প্ৰক্ৰিয়া। আজি গুৱাহাটীৰ জুৰিপাৰৰ জিয়াজুৰী ভৱনত বিজেপিৰ ১৭১ সংখ্যক বুথ কমিটিৰ কাৰ্যালয়ত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ কাৰ্যসূচীৰ কথা শুনাৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  বিভিন্ন  বিষয় সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

উল্লেখ্য যে  মুখ্যমন্ত্ৰী গৰাকীয়ে ১ আগষ্টত ‘ভূমিপুত্ৰ মিছন’ নামৰ এটা পৰ্টেল উদ্বোধন কৰিব। এই পৰ্টেলৰ জৰিয়তে  প্ৰাৰ্থীসকলৰ দ্বাৰা অনলাইন আবেদন কৰাৰ এমাহৰ ভিতৰত চৰকাৰে অনলাইনযোগে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ’বিচিৰ প্ৰমাণপত্ৰ জাৰী কৰিব। আনহাতে ৰাজ্যখনৰ জিলা উপায়ুক্তসকল ১ আগষ্টৰ পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ বিদ্যালয় সমূহলৈ যাব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ ৰাজ্য চৰকাৰে ৫ আগষ্টত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ  মৃত্যু বাৰ্ষিকী  ‘জনকল্যাণ দিৱস’ হিচাপে পালন কৰিব। এই দিনটোৰ উদ্দেশ্য হ’ব সৎ কৰ্মচাৰীসকলক পুৰষ্কাৰেৰে সন্মান জনোৱাৰ লগতে তেওঁলোকৰ সেৱাৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰা। প্ৰতিখন জিলাৰ তিনিজন বিষয়া আৰু ৰাজ্যিক পৰ্যায়ৰ কাৰ্যালয়ৰ দহজন বিষয়াই এই বিৰল সন্মান লাভ কৰিব।

আন এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি তেওঁ কয় যে   ২০২২ চনৰ ২ অক্টোবৰৰ পৰা জনতা ভৱনক কাগজবিহীন  হিচাপে পৰিৱৰ্তিত কৰাৰ অভিযানক বাস্তৱত পৰিণত কৰাৰ বাবে ৫ আগষ্টৰ পৰা ৰাজ্যিক সচিবালয়ত ফাইল নিস্পত্তিকৰণৰ কাম আৰম্ভ হ’ব ৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে  কয়  যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক কাৰ্যালয়ৰ ফাইলসমূহক তেওঁলোকৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি এ, বি, চি আৰু ডি শ্ৰেণীত শ্ৰেণীবদ্ধ কৰিবলৈ নিৰ্দেশ দিছে। এ শ্ৰেণীত বৰ্তমানৰ ফাইলবোৰ অন্তৰ্ভুক্ত হ’ব  যাৰ সংখ্যা প্ৰায় ৪৮,০০০তকৈও অধিক। আনহাতে শ্ৰেণী বি আৰু চি-ত পুৰণি ফাইল সমূহ থাকিব   ১২ বছৰৰ পিছত যিবোৰৰ নিষ্কাষণৰ বাবে নিৰ্দিষ্ট ঠাই আৰু পেকিঙৰ  প্ৰয়োজন ৷ আনহাতে  ডি শ্ৰেণীৰ ফাইলবোৰ অতি পুৰণি। মুঠতে, ৰাজ্যিক সচিবালয়ত প্ৰায় দুই লাখ ফাইল আছে যাক অতি শীঘ্ৰেই  নিষ্পত্তি কৰা হ’ব।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে ২ অক্টোবৰৰ পৰা জনতা ভৱনে কোনো ধৰণৰ আবেদন আৰু স্মাৰকপত্ৰৰ হাৰ্ড কপি লাভ নকৰিব। আবেদনকাৰীসকলে অনলাইনত আবেদন দাখিল কৰিব লাগিব। আনহাতে তেওঁলোকে তেওঁলোকৰ ফাইলবোৰৰো  অনলাইনত চলাচল অনুসৰণ কৰিব পাৰিব।

Previous Post

অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত এতিয়াও খালী হৈ আছে বিভিন্ন পদ

Next Post

ৰঙিয়াত নতুন ভোটাৰ প্ৰ-পত্ৰ তথা ভোটাৰৰ আধাৰ তথ্যৰ সংলগ্নকৰণৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে মুকলি

Related Posts

ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা
মুখ্য সংবাদ

ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা

August 17, 2022
গুৱাহাটী মহানগৰীৰ জালুকবাৰীত জব্দ ৩০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী  , ২ জন আটক
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ জালুকবাৰীত জব্দ ৩০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী , ২ জন আটক

August 17, 2022
স্বাধীনতা দিৱসত মোডী চৰকাৰক আহ্বান জনাই  কি ক’লে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীয়ৰীয়ে ?
মুখ্য সংবাদ

স্বাধীনতা দিৱসত মোডী চৰকাৰক আহ্বান জনাই কি ক’লে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীয়ৰীয়ে ?

August 17, 2022
চিকিৎসালয়লৈ যাবলৈ নাই পথ, মাতৃৰ সন্মুখতে মৃত্যু ঘটিল যমজ সন্তানৰ
মুখ্য সংবাদ

চিকিৎসালয়লৈ যাবলৈ নাই পথ, মাতৃৰ সন্মুখতে মৃত্যু ঘটিল যমজ সন্তানৰ

August 17, 2022
হাজোত লোমহৰ্ষক ঘটনা ! যৌতুকৰ বাবেই  গৰ্ভৱতী পত্নীক হত্যা  স্বামীৰ
মুখ্য সংবাদ

হাজোত লোমহৰ্ষক ঘটনা ! যৌতুকৰ বাবেই গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

August 16, 2022
এইবাৰ বেজীৰ সলনি নাকেৰে দিয়া হ’ব কৰ’ণাৰ বুষ্টাৰ ড’জ
মুখ্য সংবাদ

এইবাৰ বেজীৰ সলনি নাকেৰে দিয়া হ’ব কৰ’ণাৰ বুষ্টাৰ ড’জ

August 16, 2022
Next Post
ৰঙিয়াত নতুন ভোটাৰ প্ৰ-পত্ৰ তথা ভোটাৰৰ আধাৰ তথ্যৰ সংলগ্নকৰণৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে মুকলি

ৰঙিয়াত নতুন ভোটাৰ প্ৰ-পত্ৰ তথা ভোটাৰৰ আধাৰ তথ্যৰ সংলগ্নকৰণৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে মুকলি

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সূৰ্যৰ মৃত্যু হ’লে  কি হ’ব পৃথিৱীৰ?

সূৰ্যৰ মৃত্যু হ’লে কি হ’ব পৃথিৱীৰ?

August 17, 2022
অসমৰ এগৰাকী  স্বনামধন্য কবি, ঔপন্যাসিক ৰীতা চৌধুৰীৰ আজি ওপজা দিন

অসমৰ এগৰাকী  স্বনামধন্য কবি, ঔপন্যাসিক ৰীতা চৌধুৰীৰ আজি ওপজা দিন

August 17, 2022
ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা

ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা

August 17, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7