দেহত পুষ্টিকৰ খাদ্যৰ অভাৱ হ’লে নিম্ন ৰক্তচাপ হ’ব পাৰে। বংশগত ৰোগ বুলিও বহু চিকিৎসকে কয়। তেজৰ পৰিমাণ কম হলেও এই ৰোগ হ’ব পাৰে। শৰীৰ দুৰ্বল হয় , শৰীৰৰ উত্তাপ কমি যায় আৰু মূৰ ঘুৰণী হয়। বন দৰবেৰে আমি নিম্ন ৰক্তচাপক নিয়ন্ত্ৰণত আনিব পাৰোঁ।
১) ভীম কলৰ কলডিল দিনে দুইবাৰকৈ একেৰাহে ২/৩ দিন ৰান্ধি খোৱা উচিত। কলডিলৰ সৈতে পাৰ চৰাইৰ মাংস ৰান্ধি খাব পাৰিলেও ভাল।
২) পৌননৌৱা শাক দিনে ১০০ গ্ৰামকৈ কিছুদিন খালে নিম্ন ৰক্তচাপ ৰোগ আৰোগ্য হোৱাত সহায়ক হয়।
৩) আধা লিটাৰ গাখীৰত কেইটুকুৰামান গাজৰ কাটি এটা পাত্ৰত উতলাই গৰম কৰি খালে শৰীৰত যথেষ্ট শক্তি পোৱা যায় আৰু লৌহ জাতীয় পদাৰ্থ বৃদ্ধি পায়।
৪) আহাৰৰ লগত দিনে দুইটাকৈ কেঁচা পিঁয়াজ আৰু দুটা কণী কেঁচাই খাব পাৰিলে ভাল।
৫) গৰম ক্ৰিয়াদায়ক বস্তু বিশেষকৈ কণী , মাংস , পিঁয়াজ , হিং , কেঁচা ফল-মূল আদি সুপথ্য।
৬) খেজুৰী , বাদাম , আপেল , আঙ্গুৰ উপকাৰী।
৭) ভীম কলৰ পচলা , কলীয়া কচুৰ ঠুৰি জালুক দি ৰান্ধি খাব লাগে।
৮) পিপলি , নৰসিংহ আদিও উপকাৰী।