স্বাধীনতা দিৱসৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে বিশেষ দিন বুলি অভিহিত কৰিছে ৷ এই উপলক্ষে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত ‘ডিচপ্লে পিকচাৰ’ চমুকৈ ডিপি সলনি কৰি ৰাষ্ট্ৰীয় পতাকাৰ ছবি সংযোজিত কৰিছে ৷ দেশৰ নাগৰিকসকলকো ছচিয়েল মিডিয়াৰ ডিপিত ৰাষ্ট্ৰীয় পতাকা লগাবলৈ তেওঁ আহ্বান জনাইছে ৷
টুইটাৰত তেওঁ কয় -“আজি এটা বিশেষ দিন ৷ যি সময়ত আমি আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰিছো আৰু হৰ ঘৰ ত্ৰিৰংগা কার্যসুচীৰ বাবে সাজু হৈছো ৷ মই মোৰ ছ’চিয়েল মিডিয়া পেজত ডি পি সলনি কৰিছো আৰু আপোনালোক সকলোকে একে কাম কৰিবলৈআহ্বান জনাইছো।” অহা ১৫ আগষ্টলৈ দেশবাসীক তেওঁ ছছিয়েল মিডিয়াৰ ডিপিত ৰাষ্ট্ৰীয় পতাকাৰ ফটো লগাবলৈ আহ্বান জনাইছে ৷ জাতীয় পতাকা ডিজাইন কৰা পিংগালি ভেংকয়াৰ আজি জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এই আহ্বান জনাইছে ৷ প্ৰধানমন্ত্ৰীয়ে তেওঁলৈ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
It is a special 2nd August today! At a time when we are marking Azadi Ka Amrit Mahotsav, our nation is all set for #HarGharTiranga, a collective movement to celebrate our Tricolour. I have changed the DP on my social media pages and urge you all to do the same. pic.twitter.com/y9ljGmtZMk
— Narendra Modi (@narendramodi) August 2, 2022
এই সন্দর্ভত মোদীয়ে কয় -“মহান পিংগালি ভেংকয়ালৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ জাতিটো তেওঁৰ ওচৰত চিৰদিনৰ বাবে ঋণী হৈ থাকিব ৷ তেওঁ আমাক ত্ৰিৰংগা দিবলৈ কৰা প্ৰচেষ্টাৰ বাবে দেশবাসী চিৰ ঋণী হৈ থাকিব ৷ “কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ সভাপতি জে পি নাড্ডাকে ধৰি বিজেপিৰ আন জ্যেষ্ঠ নেতাসকলেও প্ৰধানমন্ত্ৰীৰ পিছত নিজৰ ডি পিৰ ছবি সলনি কৰিছে